আজি পুৱা জুবিন ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দিল্লীৰ পৰা পোনে পোনে জুবিনক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছত প্ৰথমবাৰলৈ জুবিনক্ষেত্ৰত উপস্থিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা।
ইয়াৰ লগতে জুবিনক্ষেত্ৰ নিৰ্মাণৰ বুজ ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইয়াৰ পাছতে সংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ উল্লেখ কৰে যে, 'কংগ্ৰেছে জুবিনক লৈ ৰাজনীতি কৰাৰ বাবে প্রতি সমষ্টিত আমি ২০% ভোট বেছিকৈ পাইছো। কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে জুবিনৰ ফটো লৈ বহি থাকিলে ৰাইজৰ খং উঠিবই। পোলিং বুথত, নির্বাচনী কার্যালয়ত জুবিন গাৰ্গৰ ফটো লগাই দিয়াটো ৰাইজে নিবিচাৰে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
লগতে তেওঁ কয় যে, আমাৰ কাৰণে জুবিন অতীতটো আছিল, বৰ্তমানো আছে আৰু ভৱিয্যতলৈও থাকিব। আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ বুলিও স্পষ্ট কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই।
