Toll Tax : টোলপ্লাজাৰ পৰা ২০ কিঃমিঃৰ ভিতৰত ঘৰ নেকি আপোনাৰ?


 

দেশজুৰি ৰাষ্ট্ৰীয় ঘাইপথত দৈনিক লাখ লাখ বাহনে যাত্ৰা কৰে আৰু চালকসকলে প্ৰায় ১০৬৫টা টোল প্লাজাত নিয়মীয়াকৈ টোলকৰ দিবলগীয়া হয়। কিন্তু বহু লোকে অজ্ঞাত যে তেওঁলোকৰ ঘৰ যদি কোনো টোল প্লাজাৰ পৰা ২০ কিলোমিটাৰৰ ভিতৰত থাকে তেন্তে তেওঁলোকে কোনো টোল নিদিয়াকৈ যাত্ৰা কৰিব পাৰিব। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থানীয় বাসিন্দাসকলে দৈনন্দিন খৰচৰ পৰা সকাহ দিয়াৰ বাবে বিশেষভাৱে এই সুবিধা নিৰ্ধাৰণ কৰিছে।

২০ কিলোমিটাৰৰ নিয়ম কি?
NHAIৰ তথ্যানুসৰি যদি কোনো বাহনৰ গৰাকীৰ বাসগৃহ কোনো টোল প্লাজাৰ পৰা ২০ কিলোমিটাৰৰ ভিতৰত থাকে তেন্তে তেওঁলোকে টোল দিব নালাগে। বাসস্থানৰ প্ৰমাণ, যেনে আধাৰ কাৰ্ড, বিদ্যুতৰ বিল, বা অন্যান্য চৰকাৰী নথি-পত্ৰ দাখিল কৰিব লাগিব। এই নিয়ম Pay As You Use নীতিৰ অধীনত কাৰ্যকৰী কৰা হৈছে। এই নীতিয়ে GNSS ব্যৱস্থাৰ জৰিয়তে বাহনসমূহ অনুসৰণ কৰে আৰু বৰ্তমান ২০২৪ চনৰ ২৪ ছেপ্টেম্বৰৰ পৰা কেইবাটাও ঘাইপথত পাইলট ভিত্তিত প্ৰযোজ্য হৈছে। ইয়াৰ উদ্দেশ্য হৈছে স্থানীয় বাসিন্দাসকলৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰা আৰু ডিজিটেল টোলিঙৰ প্ৰসাৰ।

কোনবোৰ বাহনক টোলৰ পৰা ৰেহাই দিয়া হৈছে?
টোল প্লাজাৰ ওচৰত বাস কৰা বাহনৰ উপৰি কেইবাটাও বিশেষ শ্ৰেণীৰ বাহনকো টোলৰ পৰা ৰেহাই দিয়া হৈছে। ইয়াৰ ভিতৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চৰকাৰী বাহন, আৰক্ষী, এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনী, সামৰিক বাহন—সেনা, নৌসেনা আৰু বায়ুসেনা আদি অন্তৰ্ভুক্ত। তদুপৰি NDRFৰ সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত বাহনসমূহেও টোল কৰ আদায় নিদিয়ে। এই ব্যৱস্থা জৰুৰীকালীন সেৱাৰ বাবে নিৰৱচ্ছিন্ন ভ্ৰমণৰ সুবিধাৰ বাবে ৰচনা কৰা হৈছে।

Post a Comment

Previous Post Next Post