সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত আৰম্ভ কৰিলে ‘বন্দে মাতৰম’ বিতৰ্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘‘বন্দে মাতৰম’ৰ ১৫০ বছৰ পালন কৰি আছোঁ। ‘বন্দে মাতৰম’ৰ ৫০ বছৰ হওঁতে পৰাধীন আছিল, ১০০ বছৰ হওঁতে জৰুৰীকালীন অৱস্থাৰ শিকলিত বন্দী আছিল। ১০০ বছৰ হওঁতে দেশৰ সংবিধানৰ কণ্ঠৰুদ্ধ কৰা হৈছিল। দেশভক্তিৰ বাবে জীৱনপাত কৰাসকলক জে’লত বন্দী কৰি থৈছিল, যিটো গীতে দেশৰ স্বাধীনতাক শক্তি দিছিল তাৰ ১০০ বছৰত দেশত ক’লা অধ্যায় ৰচনা হ’ল।’’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়, ‘‘বন্দে মাতৰমক লৈ চৰ্চা ঐতিহাসিক। ‘বন্দে মাতৰম’ ধ্বনি দিবলৈ পাই মই ধন্য। আমি ‘বন্দে মাতৰম’ ধ্বনিৰ হেৰুওৱা গৌৰৱ উদ্ধাৰ কৰিব লাগিব। ‘বন্দে মাতৰম’ৰ বাবেই আমি স্বাধীনতা লাভ কৰিছিলোঁ। এই গানেৰেই বংকিম চন্দ্ৰই ব্ৰিটিছক প্ৰত্যাহাবান জনাইছিল। ‘বন্দে মাতৰম’ হৈছে জননী জন্মভূমি স্বৰ্গাদপী গৰিয়সীৰ আধুনিক ৰূপ।’’
.jpg)