গুৱাহাটীত মাৰ্কিন পপষ্টাৰ পোষ্ট মেলনৰ কনচাৰ্ট অনুষ্ঠিত হৈ গ’ল। পোষ্ট মেলনৰ কনচাৰ্টত নাচি উঠিল হাজাৰ হাজাৰ দৰ্শক। প্ৰিয় পপষ্টাৰগৰাকীৰ সুৰে সুৰে হাজাৰ হাজাৰ দৰ্শকে চিঞৰি চিঞৰি গালে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত। পোষ্ট মেলনৰ বেণ্ডৰ শব্দ, চকু চাট মাৰি ধৰা আলোকসজ্জা, দৃষ্টিনন্দন আতচবাজীয়ে মায়াময় কৰি তোলে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। অসমৰ লগতে উত্তৰ পূব তথা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে উপভোগ কৰিলে পপষ্টাৰগৰাকীৰ অনুষ্ঠান।
কিছুদিন পূৰ্বৰে পৰা সামাজিক মাধ্যমত চলিছিল চৰ্চা। গুৱাহাটীলৈ পোষ্ট মেলন আহিব। তাক লৈ বিভিন্নজনে সামাজিক মাধ্যমত ইয়াৰ বিৰোধিতা কৰা দেখা গৈছিল। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ পূৰ্বে গুৱাহাটীত পোষ্ট মেলনৰ কনচাৰ্ট আয়োজনক লৈ আপত্তি দৰ্শাইছিল। লগতে পোষ্ট মেলনৰ পূৰ্বেৰ কেতবোৰ ভিডিঅ’-ফটোও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তেওঁ মঞ্চত কৰা কেতবোৰ কৰ্মকাণ্ডৰ ভিডিঅ’ আপলোড কৰি সমালোচনা কৰা হৈছিল।
৮ ডিচেম্বৰ। চাৰ্টাৰ্ড বিমানেৰে গুৱাহাটী পালেহি মাৰ্কিন পপষ্টাৰ পোষ্ট মেলন। খানাপাৰা ফিল্ডত হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ। অনুষ্ঠান আৰম্ভ হোৱাৰ কেইবাঘণ্টা আগৰ পৰাই ঠাহ খাই পৰিল খানাপাৰা ফিল্ড। অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকে পপষ্টাৰগৰাকীৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে উপস্থিত হ’ল অনুষ্ঠানস্থলীত। আৰু সন্ধিয়া হোৱাৰ লগে লগে আৰম্ভ হ’ল পোষ্ট মেলনৰ কনচাৰ্ট।
.jpg)