আজি দেশে লাভ কৰিব নতুন উপ-ৰাষ্ট্ৰপতি। আজি অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। ২১ জুলাইত জগদীপ ধনখড়ে পদত্যাগ কৰাৰ ৫০ দিনৰ পাছত আজি অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদানৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু পুৱা ১০ বজাৰ পৰা সংসদ ভৱন কমপ্লেক্সৰ বসুধাৰ ৰুম নং F-101ত ভোটগ্ৰহণ আৰম্ভ হ’ব। সন্ধিয়া ৫ বজালৈকে চলিব ভোটগ্ৰহণ। লগতে ভোটগ্ৰহণ শেষ হোৱাৰ কিছু সময়ৰ পিছতে অৰ্থাৎ সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা আৰম্ভ হ’ব। সন্ধিয়া ভোটগণনা সম্পূর্ণ হোৱাৰ লগে লগে এই নির্বাচনৰ ফলাফলো ঘোষণা কৰা হ’ব৷
এই নিৰ্বাচনত শাসকীয় NDAৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণক বিপৰীতে বিৰোধী INDI মিত্ৰজোঁটে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰক্ষেপ কৰিছে। এই নিৰ্বাচনত NDA আৰু INDIA দুয়োটা মিত্ৰজোঁটে নিজৰ জয়ৰ দাবী কৰিছে। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে দিল্লীত তিনিদিনীয়াকৈ আয়োজন কৰিলে সংসদ কাৰ্যশালা নামেৰে ভোটিং অনুশীলন। বিজেপিৰ সকলো সাংসদলৈ বাৰ্তা দিছে যে এই নিৰ্বাচনক সহজভাৱে ল’ব নালাগে।