ভাৰতত নিৰ্মাণ হ’ব ছুখই SU-৫৭ যুঁজাৰু বিমান! ৰাছিয়াৰ সহযোগত SU-57 যুঁজাৰু বিমান নিৰ্মাণ কৰিব ভাৰতে


 

ভাৰতত নিৰ্মাণ হ’ব ছুখই SU-57 যুঁজাৰু বিমান। মহাশক্তিধৰ তথা ভাৰতৰ অন্যতম বন্ধু ৰাষ্ট্ৰ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰিব ছুখই SU-57 যুঁজাৰু বিমান। মেক ইন ইণ্ডিয়াৰ এটা অংশ হিচাপে ভাৰতে নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে যুঁজাৰু বিমান ছুখই SU-57।

শেহতীয়াকৈ ভাৰত আৰু ৰাছিয়াৰ মাজত হৈ যোৱা এক সামৰিক চুক্তি অনুসৰি ৰাছিয়াৰ ভাৰতত বিনিয়োগৰ পৰিকল্পনা কৰিছে। সেই পৰিকল্পনা অনুসৰিয়েই হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল) ছুখই SU-57 নিৰ্মাণৰ বাবে মহাৰাষ্ট্ৰ নাছিক এক মূল স্থানত পৰিণত হ’ব পাৰে।
উল্লেখ্য যে ৰাছিয়াৰ এই অত্যাধুনিক যুঁজাৰু বিমান আমেৰিকাৰ এফ-৩৫ যুঁজাৰু বিমানক প্ৰত্যাহ্বান জনাই আহিছে। আমেৰিকাৰ পৰা ভাৰতে এফ-৩৫ যুঁজাৰু বিমান ক্ৰয় কৰাৰো পৰিকল্পনা কৰি আছিল। কিন্তু শেহতীয়াকৈ ভাৰত-আমেৰিকাৰ সম্পৰ্কত ফাঁট মেলাত এতিয়া ভাৰতে আমেৰিকাৰ পৰা ক্ৰয় নকৰে এফ-৩৫ যুঁজাৰু বিমান। কিনিব ৰাছিয়াৰ পৰা ছুখই SU-৫৭ যুঁজাৰু বিমান।
ভাৰতত ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ ষ্টেলথ যুঁজাৰু বিমান অৰ্থাৎ ছুখই SU-57 নিৰ্মাণৰ ধাৰণাটোৱে যথেষ্ট দৃষ্টি আকৰ্ষণ কৰি আহিছে। ভাৰতে নিজৰ সামৰিক শক্তি বৃদ্ধি কৰিবলৈ বদ্ধপৰিকৰ। ভাৰতৰ প্ৰতিৰক্ষা সূত্ৰৰ অনুসৰি মস্কোৱে ভাৰতত SU-57 নিৰ্মাণৰ সম্ভাৱ্য বিনিয়োগ পৰিকল্পনাৰ বিষয়ে অধ্যয়ন কৰি আছে।
বিশেষকৈ চীনত অনুষ্ঠিত হোৱা SCO শীৰ্ষ সন্মিলনত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বৈঠকৰ পিছতে প্ৰায় সকলোবোৰ সম্পূৰ্ণ হৈছে। আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক চাপ জাঁপি দিয়াৰ মাজতে এই দুয়োগৰাকী নেতাই সাৱতি ধৰাৰ ছবি, ভাইৰেল হৈ পৰিছে আৰু একে সময়তে ট্ৰাম্পৰ আমেৰিকালৈও এক তীব্ৰ বাৰ্তা প্ৰেৰণ কৰিছে। ভাৰতে বায়ু সেনাৰ দুই-তিনিটা স্কোৱাড্ৰণৰ বাবে পঞ্চম প্ৰজন্মৰ অত্যাধুনিক যুদ্ধ বিমানৰ প্ৰয়োজনীয়তাৰ কথা ৰাছিয়াক অৱগত কৰিছিল। ডিচেম্বৰত ভাৰতলৈ আহিব পুটিন।ইয়াৰ আগে আগে দুয়োখন দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ছু-৫৭ নিৰ্মাণ কৰা সিদ্ধান্তত শেষ মোহৰ মাৰিব।

Post a Comment

Previous Post Next Post