অবৈধ বিদেশীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ বলী হৈ ভাৰতলৈ অহা হিন্দুসহ ৬টা ধৰ্মৰ লোকৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে।
বিদেশত নিগৃহীত সংখ্যালঘুক লৈ ডাঙৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে। হিন্দুকে ধৰি ৬ ধৰ্মৰ সংখ্যালঘু লোকৰ বাবে বৃহৎ সকাহ প্ৰদান কৰিছে কেন্দ্ৰই। গৃহমন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ২০২৪ৰ ৩১ ডিচেম্বৰৰ ভিতৰত অহাসকল ভাৰতত থাকিব পাৰিব। পাছপ’ৰ্ট, বৈধ নথি নাথাকিলেও ভাৰতত থকাৰ অনুমতি প্ৰদান কৰিছে গৃহমন্ত্ৰালয়ে।
হিন্দু, শিখ, পাৰ্চী, জৈন, বৌদ্ধ, খ্ৰীষ্টান ধৰ্মৰ নিগৃহীতক বিতাড়ন কৰা নহ’ব। বিদেশত নিগৃহীত ৬ ধৰ্মৰ লোকক বিতাৰণ নকৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহমন্ত্ৰালয়ে। এই আদেশৰ অধীনত CAAৰ দৰে নাগৰিকত্ব দিয়া নহয়। ইমিগ্ৰেছন এণ্ড ফৰেইনাৰ্ছ এক্ট সংশোধন কৰি কেন্দ্ৰৰ জাননী জাৰি।