অৱশেষত নৱপ্ৰজন্মৰ প্ৰতিবাদৰ সন্মুখত নতশিৰ কৰিবলৈ বাধ্য হ’ল নেপাল চৰকাৰ। সোমবাৰৰ পৰা নেপালত হোৱা ভয়ংকৰ প্ৰতিবাদৰ পিছতে ফেচবুক, ইউটিউব, হোৱাটছএপকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া এপত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল নেপাল চৰকাৰ। ১৯গৰাকীকৈ যুৱক-যুৱতীৰ প্ৰতিবাদৰ সময়ত মৃত্যু হোৱাৰ পিছত নতশিৰ কৰিবলৈ বাধ্য হ’ল নেপাল চৰকাৰ। এই ৰক্তক্ষয়ী প্ৰতিবাদত আহত হৈছে প্ৰায় ৪০০ৰো অধিক প্ৰতিবাদকাৰী।
প্ৰতিবাদত নেপাল স্তব্ধ হৈ পৰাৰ পিছতে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে সোমবাৰে মাজনিশা পদত্যাগ কৰিছিল। কিন্তু ২৬টা ছ’চিয়েল মিডিয়া এপত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিছতো স্বাভাৱিক অৱস্থা ঘূৰি অহা নাই নেপাললৈ। এতিয়া যেন প্ৰতিবাদৰ জুইকুৰা অধিক ভয়ংকৰ হ’বলৈ গৈহে আছে। এইবাৰ নেতৃত্ব সলনি হোৱাৰ দাবীত উত্তাল প্ৰতিবাদ হোৱা নেপালত অস্থিৰ পৰিৱেশ বিৰাজ কৰি আছে এতিয়াও।
সোমবাৰে লাখ লাখ যুৱক-যুৱতী উলাই আহি সাব্যস্ত কৰিছিল প্ৰতিবাদ। চৰকাৰ সলনিৰ দাবীত লাখ লাখ শিক্ষাৰ্থী কাঠমাণ্ডুলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ সময়তে আৰক্ষীয়ে নিৰ্বিচাৰ গুলীচালনা কৰিছিল। নেপাল আৰক্ষীৰ গুলীচালনাত অতি কমেও ১৯গৰাকী যুৱক-যুৱতীৰ মৃত্যু হৈছে। তেজেৰ ৰাঙলী হৈ পৰিছিল কাঠমাণ্ডুৰ ৰাজপথ। এতিয়া নেপালৰ সশস্ত্ৰ বাহিনীক আইন শৃংখলা নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হৈছে।