Operation Sindoor : অপাৰেচন সিন্দূৰত চূৰ্ণ-বিচূৰ্ণ হৈ গ’ল মাছুদ আজহাৰৰ পৰিয়াল!


 

চলিত বৰ্ষৰ এপ্ৰিল মাহত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতে আৰম্ভ কৰিছিল ‘অপাৰেচন সিন্দুৰ’ আৰু এই অভিযানতে কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহাৰৰ পৰিয়ালক টুকুৰা-টুকুৰ কৰি উৰুৱাই দিয়া হৈছিল। কেমেৰাৰ সন্মুখত এই কথা স্বীকাৰ কৰিছে এজন জঈছ কমাণ্ডাৰ মাছুদ ইলিয়াছে। স্বয়ং অভিযানৰ সময়তে মাছুদৰ পৰিয়ালৰ বহু সদস্যক হত্যা কৰাৰ খবৰ আহিছিল। কিন্তু এতিয়া মাছুদৰ গোটৰ সন্ত্ৰাসবাদীৰ স্বীকাৰোক্তিয়ে ভাৰতৰ এই দাবীক নিশ্চিত কৰিছে। ভাৰতীয় সেনাই পাকিস্তানৰ বাহাৱালপুৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল। এই আক্ৰমণতে নিঃশেষ হৈ গৈছে মাছুদৰ সমগ্ৰ পৰিয়ালটো।

মাছুদ ইলিয়াছৰ এই স্বীকাৰোক্তিৰ ভিডিঅ’ পাক-সমৰ্থিত সন্ত্ৰাসবাদৰ বাবে এক ডাঙৰ আঘাত। ইলিয়াছ জঈছৰ এজন মূল সেনাপতি। তেওঁ স্বীকাৰ কৰে যে অপাৰেচন সিন্দুৰৰ সময়ত বাহাৱালপুৰৰ মাৰ্কাজ চুভান আল্লাহ কমপ্লেক্স জঈছৰ মুখ্য ঘাটি আছিল। ভাৰতীয় ক্ষেপণাস্ত্ৰৰ আক্ৰমণত তচনচ হৈ গৈছিল মাছুদৰ পৰিয়াল। আজহাৰৰ পৰিয়ালৰ ১০ জন সদস্য আৰু ৪ জন সহযোগী নিহত হৈছে ভাৰতৰ আক্ৰমণত। ইয়াৰ ভিতৰত আছিল আজহাৰৰ ভগ্নী, ভগ্নীৰ স্বামী আৰু কেইবাটাও সন্তান। পাকিস্তানী সংবাদ মাধ্যমে প্ৰথমে ১৪ জন লোকৰ মৃত্যুৰ খবৰ দিছিল যদিও আজহাৰে নিজেই নিশ্চিত কৰিছিল যে তেওঁৰ সমগ্ৰ পৰিয়ালটো নিঃশেষ হৈ গৈছে। এই কমপ্লেক্সটো ১৫ একৰ মাটিত বিস্তৃত আছিল, য’ত যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়া হৈছিল।ভাৰতীয় বায়ুসেনাই বিগত ৭ মে’ৰ নিশা ১:০৫ বজাত সন্ত্ৰাসবাদী ৯টা ঘাটিত আক্ৰমণ চলাইছিল, তাৰ ভিতৰত আছিল জঈছ, লস্কৰ-ঈ-তৈবা আৰু হিজবুল মুজাহিদীনৰ শিবিৰ। চাৰিটা স্থান পাকিস্তানত আৰু পাঁচটা পাক-অধিকৃত কাশ্মীৰত আছিল। মাছুদ আজহাৰ জঈছৰ প্ৰতিষ্ঠাপক আৰু ৰাষ্ট্ৰসংঘ ঘোষিত সন্ত্ৰাসবাদী। দীৰ্ঘদিন ধৰি তেওঁ ভাৰতৰ বাবে ভাবুকি হৈ আহিছে। ৫৬ বছৰীয়া আজহাৰে ২০০০ চনত জঈছ প্ৰতিষ্ঠা কৰি কেইবাটাও বৃহৎ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। ইয়াৰ ভিতৰত ২০০১ চনৰ সংসদ আক্ৰমণ, ২০০৮ চনৰ মুম্বাই আক্ৰমণ, ২০১৬ চনৰ পাঠানকোট এয়াৰবেছ আক্ৰমণ আৰু ২০১৯ চনৰ পুলৱামা আক্ৰমণ।

Post a Comment

Previous Post Next Post