Brain Eating Amoeba : কেৰালাত ‘ব্ৰেইন ইটিং এমিবা’ৰ আতংক বৃদ্ধি পাইছে। কেৰালা স্বাস্থ্য বিভাগৰ শেহতীয়া ৰিপ’ৰ্ট অনুসৰি, এই বছৰত এতিয়ালৈ ৰাজ্যখনত ব্ৰেইন ইটিং এমিবাৰ ৬৭টা ঘটনা পোহৰলৈ আহিছে, ইয়াৰ ভিতৰত ১৮জন ৰোগীৰ মৃত্যু হৈছে। এই পৰিসংখ্যা ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ জৰিয়তে সংগ্ৰহ কৰা হৈছে। বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে শীঘ্ৰে জল সুৰক্ষা আৰু প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
এই এমিবিক মেনিংগোয়েনছেফেলাইটিছৰ লক্ষণ কি?
- জ্বৰ
- মূৰৰ বিষ
- বমি
- ডিঙিৰ জঠৰতা
- পেটত অসহজ ভাৱকেৰালাত পোহৰলৈ আহিছে এই ঘটনাকেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ পুৱৰৰ এজন ১৭ বছৰীয়া ছাত্ৰ আক্কুলম টুৰিষ্ট ভিলেজৰ পুলত সাঁতোৰাৰ পিছত সংক্ৰমণ হয়, তেওঁৰ অৱস্থা গুৰুতৰ। সাৱধানতা স্বৰূপে পুলটো বন্ধ কৰি দিয়া হৈছে আৰু তদন্তৰ বাবে পানীৰ নমুনা সংগ্ৰহ কৰা হৈছে। কোঝিকোডত শাজী নামৰ ৪৯ বছৰীয়া এজন লোকৰ মূৰত আঘাত লগাৰ পিছত সংক্ৰমণ বিয়পি পৰে আৰু তেওঁৰ মৃত্যু হয়। আনহাতে, থামাৰচ্ছেৰীৰ ৯ বছৰীয়া এটি শিশুৰ অৱস্থা হঠাৎ অৱনতি ঘটাত মৃত্যু ঘটে। এই ঘটনাত শিশু, বয়োজ্যেষ্ঠ আৰু আন বয়সৰ লোকো অন্তৰ্ভুক্ত। কেইবাজনো লোকৰ বৰ্তমান চিকিৎসা চলি আছে।