গোৱালপাৰা কলেজত জঘন্য ঘটনা। কলেজৰ ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত এগৰাকী হিন্দু ছাত্ৰীক অপকৰ্ম। দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ সৈতে NSUIৰ ইকবাল হুছেইনে অপকৰ্ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ইকবাল হুছেইন গোৱালপাৰা কলেজৰ খেল সম্পাদক।
নৱাগত আদৰণী সভাৰ মাজতে সংঘটিত হয় এই জঘন্য কাণ্ড। ইকবালে চক্ৰান্তৰে মাতি নি দৰ্জাত খিলি লগাই ছাত্ৰীগৰাকীৰ সৈতে সংঘটিত কৰে জঘন্য ঘটনা। আনক এই ঘটনাৰ বিষয়ে ক’লে ছাত্ৰীগৰাকীক দলবদ্ধ অপকৰ্ম কৰাৰ ভাবুকি প্ৰদান কৰে ইকবাল হুছেইনে।
এই ঘটনাৰ পিছত গোৱালপাৰা সদৰ থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত ইকবাল হুছেইনক কলেজৰ পৰাই গ্ৰেপ্তাৰ কৰে। এই জঘন্য ঘটনাৰ বিষয়ে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বান্ধৱীৰ লগতে অভিভাৱকক অৱগত কৰে।
এগৰাকী ছাত্ৰীক অপকৰ্ম কৰা কাণ্ডক লৈ গোৱালপাৰা কলেজত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। অভিযুক্ত ইকবালক কঠোৰ শাস্তি প্ৰদানৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে। দোষীয়ে শাস্তি নোপোৱালৈ কলেজৰ গেট বন্ধ কৰাৰ হুংকাৰ দিয়ে ABVPয়ে।
১১ ছেপ্টেম্বৰতে সংঘটিত এই জঘন্য ঘটনাক লৈ গোৱালপাৰাত অব্যাহত আছে প্ৰতিবাদ। গোৱালপাৰা কলেজৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত শিক্ষাৰ্থীৰ। ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আছু, আৰছু, ABVP আৰু SMSSয়ে। কলেজৰ লগতে প্ৰতিবাদত উত্তাল হৈ পৰিছে গোৱালপাৰাৰ ৰাজপথ। NSUIৰ পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ABVPয়ে। প্ৰতিবাদী শ্ল’গানেৰে উত্তাল গোৱালপাৰা কলেজ চৌহদ। প্ৰতিবাদকাৰীসকলে ‘আমাক ন্যায় লাগিবই’, ‘NSUI গ’ বেক’, ‘অপকৰ্মকাৰীক ফাঁচী দিয়ক’, ‘কলেজৰ ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰক’ আধি শ্লোগান দি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।