Bajali News: ‘‘ভাল নাপালে পেলাই দিম বিল্ডিঙৰ পৰা’’, বজালীত হিন্দু ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে মেহবুব আৰু চাইফুলে



 ৰাজ্যৰ ক্ৰমাৎ বৃদ্ধি যুৱতী মহিলা নিৰ্যাতনৰ ঘটনা। গোৱালপাৰা, মহানগৰীৰ পিছত এইবাৰ বজালীত হিন্দু ছাত্ৰীক অপকৰ্মৰ অপচেষ্টা যুৱকৰ। গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰীক বলাৎকাৰৰ পিছতে মহানগৰীত এগৰাকী স্কুলীয়া ছাত্ৰীক নিৰ্যাতন চলালে মহৰুদ্দিন শ্বেখ নামৰ এটা ৰিক্সাচালকে। আনহাতে বজালীতো হিন্দু ছাত্ৰীক সন্দেহজনক যুৱকে অপকৰ্ম অপচেষ্টা চলাই। এই ঘটনাক লৈ বজালীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ফিঙুৱাত টিউচনলৈ যোৱা দুই ছাত্ৰীক বলাৎকাৰৰ অপচেষ্টা দুই যুৱকৰ। নৱনুৰ টেলেণ্ট একাডেমীত ছাত্ৰী দুগৰাকীৰ সৈতে সংঘটিত কৰিছিল ভয়ংকৰ কাণ্ড। শিক্ষক নথকাৰ সুযোগত ছাত্ৰীক অপকৰ্মৰ চেষ্টা চলাই দুই যুৱকে। লম্পট যুৱক দুজনে এগৰাকী ছাত্ৰী প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰিলে অট্টালিকাৰ পৰা পেলাই দিম বুলিও ভাবুকি প্ৰদান কৰিছিল।
এই ঘটনাক লৈ নিশা বালাপাৰা আৰক্ষী চকী ঘেৰাও কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ কৰে। নিশা শ-শ লোকে ঘেৰাও কৰিলে বালাপাৰা আৰক্ষী চকী। ইতিমধ্য বজালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মেহবুব আলী আৰু চাইফুল আলী নামৰ ২ লম্পটক।

Post a Comment

Previous Post Next Post