দেশ সৰ্বপ্ৰথম আৰু সৰ্বোচ্চ। মোদীৰ যুগত দেশৰ সুৰক্ষা আৰু বৈদেশিক নীতৰ মূলমন্ত্ৰ। প্ৰধানমন্ত্ৰী মোদীৰ বৈদেশিক নীতিত প্ৰতিফলন বসুধৈৱ কুটুম্ৱকম। ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে শপত লোৱাৰ পিছৰে পৰা ভাৰতৰ বিদেশ নীতি আৰু কূটনৈতিক চাতুৰ্যতাই এক অনন্য মাত্ৰা লাভ কৰিছে। দেশক সকলো ক্ষেত্ৰতে আগত ৰাখি জনতাৰ হকে অতি বিচক্ষণতাৰে কাম কৰি গৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। বসুধৈৱ কুটুম্ৱকম - এখন পৃথিৱী, এক পৰিয়াল আৰু এটা ভৱিষ্যত। এই নীতি সাৰোগত কৰিয়েই শক্তিশালী আৰু সাহসিক সিদ্ধান্তৰে দেশক নেতৃত্ৱ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ৱত এতিয়া ভাৰত বিশ্ৱৰে অন্যতম শক্তিশালী দেশ হিচাপে পৰিগণিত হৈছে। বিশ্ৱৰ আগশাৰী দেশৰ বাবে এতিয়া প্ৰত্যাহ্ৱান ভাৰতৰ অৰ্থনীতি।
জি-২০ৰ সফল অধ্যক্ষতা, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধক লৈ ভাৰতৰ বিচক্ষণতা, যুদ্ধ বিভীষিকাৰ মাজতো ৰাছিয়াৰ পৰা তেল ক্ৰয়, ভাৰতত স্ৱদেশী অস্ত্ৰ-শস্ত্ৰৰ নিৰ্মাণ আৰু বিকাশ - এই সকলোৰে আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ৱ।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্ৱাধীন কেন্দ্ৰীয় চৰকাৰৰ এক সবল আৰু সাহসিক স্থিতি। শেহতীয়াকৈ অপাৰেচন সিন্দূৰতে প্ৰতিফলন ঘটিল ভাৰতৰ সন্ত্ৰাসবাদবিৰোধী কঠোৰ স্থিতি। বিশ্ৱৰ সন্মুখত লজ্জানত হ’ল সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তান।
শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে ড’নাল্ড ট্ৰাম্পে আৰোপ কৰা প্ৰতিশুল্কক লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কিন্তু ট্ৰাম্পৰ ভাবুকিলৈ কেৰেপ নকৰি ভাৰতে গ্ৰহণ কৰিছে কঠোৰ স্থিতি। বিপৰীতে ট্ৰাম্পক বুঢ়া আঙুলি দেখুৱাই টিয়ানজিনত ঐক্যবদ্ধ হ’ল মোদী-জিনপিঙ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। তিনি নেতাৰ মহামিলনে এক প্ৰকাৰৰ চিন্তাত পেলাইছে ট্ৰাম্পক। সেয়া ট্ৰাম্পৰ কথা আৰু কামতো ইতিমধ্যে পৰিস্ফুট হৈছে। এনেদৰে কূটনৈতিক চাতুৰ্যতাৰে প্ৰতিবেশীক গুৰুত্ৱ আৰু বিদেশ নীতিতো আত্মনিৰ্ভৰতাৰে দেশক শক্তিশালী স্থানত থিয় কৰাইছে বুধবাৰে ৭৫ বছৰত ভৰি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।