আজি অনুষ্ঠিত GST পৰিষদৰ ৫৬ সংখ্যক বৈঠকত দেশবাসীৰ বাবে গ্ৰহণ কৰা হয় কেইবাটাও বৃহৎ সিদ্ধান্ত। এই বৈঠকৰ অধ্যক্ষতা কৰি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে GSTৰ এই নতুন নিৰিখ অহা ২২ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশজুৰি কাৰ্যকৰী হ'ব। এতিয়াৰ পৰা স্বাস্থ্য আৰু জীৱন বীমাত নাথাকিব কোনো GST। অৱশ্যে এই ৰেহাই ব্যক্তিগত বীমাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। যদি আপোনাৰ কৰ্মস্থানৰ কোম্পানীয়ে আপোনাক জীৱন বীমাৰ সুবিধা দি আছে, তেন্তে সেই বীমাৰ ক্ষেত্ৰত এই ৰেহাই প্ৰযোজ্য নহ'ব।
বিলাসী সামগ্ৰীক ৪০%ৰ GST শ্লেবত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়াৰ পৰা মূলতঃ দুই প্ৰকাৰৰহে GST শ্লেব থাকিব। এতিয়া অধিকাংশ সামগ্ৰী আৰু সেৱা ৫ আৰু ১৮ শতাংশৰ শ্লেবত আহিব। কাইলৈ অৰ্থাৎ ৪ ছেপ্টেম্বৰত অন্ত পৰিব GST পৰিষদৰ এই ২ দিনীয়া বৈঠকৰ। এই বৈঠকৰ অধ্যক্ষতা কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
কি কি সামগ্ৰীৰ দাম বাঢ়িব আৰু কি কি সামগ্ৰীৰ দাম কমিব?
- জীৱনদায়িনী ঔষধৰ ওপৰত সকাহ – ৩৩বিধ ঔষধৰ GST ১২%ৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে।
- জটিল ৰোগৰ ঔষধ সস্তা – কৰ্কট আৰু জটিল ৰোগৰ চিকিৎসাৰ বাবে ৩বিধ ঔষধৰ ওপৰত কৰ ৫%ৰ পৰা ০%লৈ হ্ৰাস কৰা হৈছে।
- অন্য ঔষধৰ ওপৰত হ্ৰাস – বহু ঔষধৰ ওপৰত কৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।
- কৃষকৰ বাবে লাভ – ট্ৰেক্টৰ আৰু কৃষিখণ্ডৰ যন্ত্ৰপাতিৰ GST ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।
- জৈৱ কীটনাশক সস্তা – ১২বিধ জৈৱ কীটনাশকৰ ওপৰত কৰ ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।
- প্ৰাকৃতিক মেন্থলত সকাহ – ১২%ৰ পৰা ৫%লৈ হ্ৰাস পায়।
- হস্তশিল্প আৰু শ্ৰম-প্ৰধান উদ্যোগলৈ লাভ – হস্তশিল্প, মাৰ্বল, গ্ৰেনাইট ব্লক আৰু চামৰাৰ সামগ্ৰীৰ GST ১২%ৰ পৰা ৫%লৈ হ্ৰাস কৰা হৈছে।
- নিৰ্মাণ খণ্ডলৈ ডাঙৰ সকাহ – চিমেণ্টৰ ওপৰত কৰ ২৮%ৰ পৰা ১৮%লৈ হ্ৰাস কৰা হৈছে।
- বিলাসী বাহনৰ ওপৰত গুৰু কৰ – মধ্যমীয়া আৰু ডাঙৰ গাড়ী, ৩৫০ CCৰ উৰ্ধৰ মটৰ চাইকেলত ৪০% GST প্ৰযোজ্য হ’ব।
- ব্যক্তিগত জেট আৰু ইয়টৰ ওপৰত কৰ – ব্যক্তিগত ব্যৱহাৰৰ বাবে বিমান, হেলিকপ্টাৰ আৰু ইয়টতো এতিয়া ৪০% কৰ আৰোপ কৰা হ’ব।
- ধঁপাত আৰু মাদকদ্ৰব্য ব্যয়বহুল হ’ব – পান মছলা, চিগাৰেট, গুটখা, বিড়ি আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত ৪০% GST প্ৰযোজ্য হ’ব।
- শীতল পানীয়ৰ ওপৰতো কৰ বৃদ্ধি হ’ব – সকলো ধৰণৰ শীতল পানীয় আৰু অ-মদ্যপানীয় (যেনে শৰ্কৰা পানীয়, সোৱাদযুক্ত পানী, কাৰ্বনেটেড ফলৰ ৰস)ৰ ওপৰত ৪০% কৰ প্ৰযোজ্য হ’ব।