উৎসৱৰ বতৰত সাধাৰণ জনতালৈ ডাঙৰ উপহাৰ দিলে কেন্দ্ৰীয় চৰকাৰে। কৰ ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তন আনিলে GST পৰিষদে। এতিয়া কেৱল দুটা টেক্স শ্লেব থাকিব - ৫% আৰু ১৮%। ইয়াৰ লগতে বিলুপ্তি ঘটোৱা হ’ল ১২% আৰু ২৮% টেক্স শ্লেব। ২২ ছেপ্টেম্বৰৰ পৰা বলৱৎ হ’ব নতুন জিএছটি শ্লেব। ধঁপাতজতীয় সামগ্ৰী, পাণ মছলাত ৪০ শতাংশ জিএছটি অব্যাহত থাকিব।
GST পৰিষদৰ ৫৬সংখ্যক বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকৰ অধ্যক্ষতা কৰিছিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। সকলো ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে এই বৈঠকত। এই সিদ্ধান্তৰ ফলত ফুটৱে’ৰ আৰু কাপোৰত কৰ ৰেহাই পোৱাৰ সম্ভাৱনা আছে। এতিয়া সেই সামগ্ৰীৰ দাম যদি ২৫০০ টকালৈ হয়, তেন্তে তাৰ ওপৰত কেৱল ৫ শতাংশ কৰ লাগিব। পূৰ্বে এই সীমা ১০০০ টকালৈ আছিল, যাৰ ওপৰত ১২ শতাংশ কৰ আৰোপ কৰা হৈছিল।
এই সিদ্ধান্তৰ দ্বাৰা সাধাৰণ লোকসকলৰ লাভ হ’ব, কিয়নো এতিয়া দামী কাপোৰ আৰু জোতাৰ দাম কম হ’ব। লগতে আন বহু সামগ্ৰীৰ দাম হ্ৰাস পাব এই সিদ্ধান্তৰ ফলত। বুট, পনীৰ, পাউদাৰ গাখীৰত GST শূন্য। জীৱন বীমাৰ ক্ষেত্ৰতো নাথাকিব কোনো GST। নুডলছ, কোকোৱা চকেলটত ৫শতাংশ GST আৰোপ হ’ব। চাবোন আৰু তেলতো ৫শতাংশ GST আৰোপ হ’ব। মাংস জাতীয় সামগ্ৰীৰ GST ১২ৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। আইচক্ৰীম, মিনাৰেল ৱাটাৰৰ GST ৫ শতাংশ। ৩৩ বিধ জীৱনদায়িনী ঔষধৰ GST শূন্য। হেয়াৰ অইল, চেম্পুত ৫শতাংশ GST।সেইদৰে, পিজা, পাওৰুটি আৰু খাখৰাত GST শূন্য কৰা হৈছে। গাড়ী (কাৰ)ৰ GST ২৮ৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ক’ল্ড ড্ৰিংকছৰ GST ৪০ শতাংশ কৰা হৈছে। টিভি আৰু এচিৰ GST ২৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। গ্ৰেণাইড আৰু চামৰাৰ সামগ্ৰীত GST ৫ শতাংশ কৰা হৈছে।