৫ শতাংশ আৰু ১৮ শতাংশ টেক্স শ্লেবত অনুমোদন GST পৰিষদৰ


 

GST পৰিষদে আজি (৩ ছেপ্টেম্বৰ) কৰ ব্যৱস্থাত ডাঙৰ পৰিৱৰ্তনত অনুমোদন জনায়। এতিয়া কেৱল দুটা টেক্স শ্লেব থাকিব - ৫% আৰু ১৮%। ১২% আৰু ২৮%ৰ হাৰ আঁতৰাই পেলোৱা হ’ব। অৱশ্যে এতিয়ালৈ এই সন্দৰ্ভত চৰকাৰ বা GST পৰিষদে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে এই তথ্য। GST পৰিষদৰ ফালৰ পৰা শীঘ্ৰে এই সন্দৰ্ভত ঘোষণা কৰাৰ সম্ভাৱনা আছে।

এই পৰিৱৰ্তনক লৈ GST পৰিষদৰ ৫৬সংখ্যক বৈঠক দুদিন ধৰি চলিব, যিখন বৈঠক ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ৪ ছেপ্টেম্বৰত সমাপ্ত হ’ব। এই বৈঠকৰ অধ্যক্ষতা কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। সকলো ৰাজ্যৰ বিত্তমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই বৈঠকত। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, ফুটৱে’ৰ আৰু কাপোৰতো কৰ ৰেহাইৰ সম্ভাৱনা আছে। এতিয়া সেই সামগ্ৰীৰ দাম যদি ২৫০০ টকালৈ হয়, তেন্তে তাৰ ওপৰত কেৱল ৫ শতাংশ কৰ লাগিব। পূৰ্বে এই সীমা ১০০০ টকালৈ আছিল, যাৰ ওপৰত ১২ শতাংশ কৰ আৰোপ কৰা হৈছিল। এই সিদ্ধান্তৰ দ্বাৰা সাধাৰণ লোকসকলৰ লাভ হ’ব, কিয়নো এতিয়া দামী কাপোৰ আৰু জোতাৰ দাম হ্ৰাস পাব।

মন্ত্ৰীমণ্ডলে পূৰ্বেই সিদ্ধান্ত লৈছিল যে GSTত পৰিৱৰ্তন কৰি ইয়াক কেৱল দুটা টেক্স ৰেটত বিভক্ত কৰা হ’ব - ৫ শতাংশ আৰু ১৮ শতাংশ। এই নতুন নিয়ম শীঘ্ৰে কাৰ্যকৰী হ’ব পাৰে আৰু এয়া উৎসৱৰ বতৰৰ পূৰ্বে আৰম্ভ হ’ব যাতে সাধাৰণ জনতা ইয়াৰ দ্বাৰা লাভৱান হয়। ইয়াৰ উপৰি, GST পৰিষদে জ্যেষ্ঠ নাগৰিকৰ বাবে স্বাস্থ্য বীমা প্ৰিমিয়ামক কৰমুক্ত কৰা আৰু জীৱনদায়িনী ঔষধৰ ওপৰত কৰ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ অৰ্থ হ’ল ইয়াৰ ওপৰত এতিয়া কম কৰ আৰোপ কৰা হ’ব, যাৰ জৰিয়তে সকাহ পাব সাধাৰণ লোকসকলে।

Post a Comment

Previous Post Next Post