শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ ৪৮ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত মুকেশ আম্বানীয়ে ভৱিষ্যতক লৈ কৰিলে ডাঙৰ মন্তব্য। তেওঁ কয় যে দেশত এআইৰ প্ৰচাৰ আৰু ইয়াৰ সুবিধাসমূহ প্ৰতিজন ভাৰতীয়ৰ বাবে উপলব্ধ কৰাৰ বাবে গুগল আৰু মেটাৰ সহযোগত সম্পূৰ্ণ পৃথক সহযোগী প্ৰতিষ্ঠান ‘ৰিলায়েন্স ইনটেলিজেন্স’ গঠন কৰা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে দেশত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰচাৰ আৰু টেলিকম, খুচুৰা আৰু শক্তি ব্যৱসায়ৰ লগতে ৰিলায়েঞ্চ গ্ৰুপক ‘ডিপ-টেক উদ্যোগ’ হিচাপে গঢ়ি তোলা।
মুকেশ আম্বানীয়ে কয় যে এই লক্ষ্যত উপনীত হ’বলৈ গুগল আৰু ফেচবুকৰ মূল কোম্পানী মেটাৰ সৈতে অংশীদাৰিত্ব কৰা হ’ব। ইয়াৰ বাবে ৰিলায়েঞ্চে দুয়োটা কোম্পানীৰ সৈতে পৃথক পৃথক যৌথ উদ্যোগ গঠন কৰিব। গুগলৰ সহযোগত ক্লাউডত কাম কৰাৰ পৰিকল্পনা আছে যদিও মেটাৰ সৈতে অংশীদাৰিত্ব কৰি এআইক দেশত উদগনি যোগোৱা হ’ব। ইয়াৰ উদ্দেশ্য হৈছে এআইক দেশৰ প্ৰতিজন নাগৰিকৰ বাবে সহজ আৰু সুলভ কৰি তোলা।
গুগলৰ সৈতে কি প্ৰস্তুতি
গুজৰাটৰ জামনগৰত অত্যাধুনিক ক্লাউড সুবিধা আৰু আনুষংগিক নেটৱৰ্ক আন্তঃগাঁথনিৰ ডিজাইন, নিৰ্মাণ আৰু পৰিচালনাৰ বাবে ৰিলায়েঞ্চে গুগলৰ সৈতে বুজাপৰা কৰিছে। এই যৌথ উদ্যোগত গুগল ক্লাউডে ইয়াৰ শক্তিশালী এআই হাইপাৰকম্পিউটাৰ আৰু এআই ষ্টেক স্থাপন কৰিব, যিয়ে জেনেৰেটিভ এআই মডেল, ডেভেলপমেণ্ট প্লেটফৰ্ম আৰু এআই-চালিত এপ্লিকেচন প্ৰদান কৰিব। এই এআই-কেন্দ্ৰিক ক্লাউড ৰিজনে জিঅ’ৰ ডিজিটেল নেটৱৰ্কক শক্তি প্ৰদান কৰিব, সুৰক্ষা বৃদ্ধি কৰিব আৰু ইয়াৰ আন্তঃগাঁথনি শক্তিশালী কৰিব। ইয়াৰ উপৰিও ৰিলায়েঞ্চ ৰিটেইলৰ ইক’ছিষ্টেমৰ উন্নতি, নিৰ্ভৰযোগ্যতা বৃদ্ধি আৰু সুৰক্ষা প্ৰদানৰ বাবেও কাম কৰিব। এই প্ৰকল্পই ৰিলায়েঞ্চৰ সকলো ব্যৱসায়িক এআই ব্যৱহাৰ কৰি কৰ্মক্ষমতা উন্নত কৰাত সহায় কৰিব।
Tags:
National