Nikki Murder Update: ৩৫ লাখ টকা দাবী কৰিছিল নিক্কীৰ পৰিয়ালৰ লোকক, ধন দিব নোৱাৰাত স্বামীয়ে কৰিলে গাৰ নোম শিয়ৰি উঠা কাণ্ড


 

দেশ জোকাৰি যোৱা এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গ্ৰেটাৰ নয়দাত সংঘটিত হৈছে বুকু কঁপি উঠা এক নৃশংস হত্যাকাণ্ড। গ্ৰেটাৰ নয়ডাৰ কাছনা থানা এলেকাৰ পৰা পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনা। স্বামীগৃহত এগৰাকী বোৱাৰীক জীৱন্তে জ্বলাই দিয়া হৈছে। জানিব পৰা অনুসৰি নিক্কী নামৰ মহিলাগৰাকী স্বামীগৃহতে নৃশংসভাৱে হত্যা কৰা হয়।

দৰাচলতে দাদ্ৰীৰ ৰূপবাছৰ বাসিন্দা নিক্কী আৰু তেওঁৰ ভগ্নী বিয়া হৈছিল একেখন ঘৰতে। ২০১৬ চনত ছিৰছা গাঁৱৰ বাসিন্দা বিপিন আৰু তেওঁৰ ভাতৃৰ সৈতে বিবাহ সম্পন্ন হৈছিল নিক্কী আৰু তেওঁৰ ভগ্নীৰ। একেখন ঘৰতে দুয়ো ভগ্নী বিবাহ সম্পন্ন হোৱাৰ পিছতে নিক্কী আৰু তেওঁৰ পৰিয়ালৰ লোক সুখী আছিল। কিন্তু সময় পাৰ হোৱাৰ লগে-লগে ঘটনাবোৰ কিছু সলনি হ’ল। বিয়াৰ কেইবছৰমানৰ পিছতে নিক্কী আৰু তেওঁৰ স্বামী বিপিনৰ মাজত কাজিয়া আৰম্ভ হ’বলৈ ধৰিলে। অভিযোগ অনুসৰি স্বামী বিপিনে সুৰাসক্ত অৱস্থাত নিক্কী প্ৰায় মাৰপিট কৰিছিল।
নিক্কীৰ পিতৃ-মাতৃেয় নিজৰ সামৰ্থ অনুযায়ী বিয়াত খৰচ কৰিছিল। কিন্তু ইয়াতে সন্তুষ্ট নাছিল নিক্কীৰ স্বামীৰ পৰিয়াল লোক। যৌতুক বিচাৰি নিক্কী প্ৰায়ে হাৰাশাস্তি কৰিছিল স্বামী আৰু স্বামী পৰিয়ালৰ লোকে। শেহতীয়াকৈ নিক্কীৰ স্বামীগৃহৰ লোকে নিক্কীৰ পিতৃগৃহৰ লোকক ৩৫ লাখ টকা দাবী কৰিছিল। দাবী কৰা ধন নোপোৱাৰ লগে লগে বিপিন আৰু মাকে প্ৰায়ে নিক্কীক মাৰপিট কৰিছিল। প্ৰায়ে সুৰাসক্ত অৱস্থাত ঘৰলৈ আহি নিক্কীক মাৰপিট কৰিছিল। যদি নিক্কীয়ে মাৰপিটৰ প্ৰতিবাদ কৰিছিল তেন্তে শাহুৱেক আৰু স্বামীয়ে দুয়ো মিলি প্ৰহাৰ কৰিছিল।

Post a Comment

Previous Post Next Post