১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে দুৰ্নীতিৰে বহু সম্পত্তি কৰিছে, সেই সম্পত্তি এতিয়া বিক্ৰী কৰিছে : প্ৰমোদ বড়ো


 

হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ। আজি মুছলপুৰৰ মেদাঘাটত হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ইউপিপিএলৰ সভাপতিগৰাকী। হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে প্ৰমোদ বড়োৱে।

ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে কয়, ‘‘বিটিচিৰ দুৰ্নীতিৰ টকাৰে হাগ্ৰামা মহিলাৰীয়ে সম্পত্তি কৰিছে। হাগ্ৰামাই ২২ কোটি টকাত মাটি বিক্ৰী কৰা বুলি নিজে স্বীকাৰ কৰিছে। বিটিচিত ১৭ বছৰত হাগ্ৰামাই য’তে ত’তে মাটি কিনিছে, ক্ৰেচাৰ গঢ়িছে, পেট্ৰ’ল পাম্প আদি বহু সম্পত্তি কৰিছে। সেই সম্পত্তি বিক্ৰী কৰিছে এতিয়া হাগ্ৰামা মহিলাৰীয়ে।’’
বিটিচিৰ উন্নয়নৰ পুঁজি হাগ্ৰামা মহিলাৰীয়ে হৰলুকী কৰাৰ অভিযোগ প্ৰমোদ বড়োৰ। তেওঁ কয়, কেগৰ প্ৰতিবেদনতো প্ৰকাশ পাইছে হাগ্ৰামাৰ দুৰ্নীতিৰ তথ্য। আইনে ব্যৱস্থা ল’ব হাগ্ৰামা মহিলাৰীৰ ওপৰত।
উল্লেখযোগ্য যে হাগ্ৰামা মহিলাৰীয়ে গুৱাহাটীত চাৰে চাৰি বিঘা মাটি ২২ কোটি টকাত বিক্ৰী কৰাৰ কথা উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ আগত। সেই টকাৰে হেলিকপ্টাৰত তেল ভৰোৱা বুলি মন্তব্য কৰিছিল হাগ্ৰামাই। হাগ্ৰামাই কৈছিল, এতিয়া কেৱল হেলিকপ্টাৰত তেল ভৰাই ঘূৰি আছে, ভাড়া দিব পৰা নাই। নিৰ্বাচনত জিকি চৰকাৰ গঠন কৰাৰ পিছতহে দিব হেলিকপ্টাৰৰ ভাড়া।

Post a Comment

Previous Post Next Post