সলনি হ’ব নেকি CAAৰ অধীনত নাগৰিকত্বৰ কাট অৱ ডেট?

 


বিদেশী চিনাক্তকৰণ আৰু বিতাড়ণক লৈ ডাঙৰ পদক্ষেপ কেন্দ্ৰৰ। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ডিটেনচন কেম্প স্থাপনৰ নিৰ্দেশ দিছে কেন্দ্ৰই। বিদেশী বিতাড়ণত DC আৰু জিলা দণ্ডাধীশক অধিক ক্ষমতা প্ৰদান। DC আৰু জিলা দণ্ডাধীশে সন্দেহজনক লোকক কৰিব পাৰিব প্ৰশ্ন। লোকজন বিদেশী হয় নে নহয়, সেয়া অনুসন্ধান কৰিব পাৰিব। নিৰ্দিষ্ট লোকজনে প্ৰমাণ কৰিব লাগিব ভাৰতীয় নাগৰিকত্ব। বিদেশী ন্যায়াধীকৰণ গঠনৰো নিৰ্দেশ কেন্দ্ৰৰ। নিৰ্দিষ্ট লোকজনে ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে যাব লাগিব ডিটেনচন কেম্পলৈ।

সলনি হ’ব নেকি CAAৰ অধীনত নাগৰিকত্বৰ কাট অৱ ডেট?
কেন্দ্ৰৰ জাননীৰ পিছতে দেশজুৰি তুমুল চৰ্চা। CAAৰ অধীনত কাট অৱ ডেট ২০১৪ৰ ৩১ ডিচেম্বৰ। ইমিগ্ৰেছন এণ্ড ফৰেইনাৰ্ছ এক্ট বলৱৎ কৰি কেন্দ্ৰই কাট অৱ ডেট বৃদ্ধি কৰিলে ২০২৪ৰ ৩১ ডিচেম্বৰলৈ। কেন্দ্ৰই এই সম্পৰ্কে জাননী দি ২০১৪ৰ ৩১ ডিচেম্বৰৰ ভিতৰত অহা ৬ ধৰ্মৰ লোকক ভাৰতত থকাৰ দিলে অনুমতি। ইয়াৰ সৈতে নাই CAAৰ প্ৰত্যক্ষ সম্পৰ্ক। CAAৰ অধীনত কাট অৱ ডেট সলনি কৰিবলৈ কৰিব লাগিব সংবিধানৰ সংশোধন। লগতে কৰিব লাগিব CAAৰ সংশোধনো।

উল্লেখযোগ্য যে অবৈধ বিদেশীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা হিন্দুসহ ৬টা ধৰ্মৰ লোকৰ ক্ষেত্ৰত কিছু শিথিলতা আনিছে।

Post a Comment

Previous Post Next Post