সলনি হ’ল সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নাম। এতিয়াৰে পৰা সৰুসজাই ক্ৰীড়া প্ৰকল্পক জনা যাব অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে। পূৰ্বে সৰুসজাই ক্ৰীড়া প্ৰকল্পক ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম নামেৰে জনা গৈছিল। কিন্তু সেই নাম সলনি কৰি এতিয়া জীৱন্ত কিংবদন্তি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নামকৰণ কৰা হ’ল এই ক্ৰীড়া প্ৰকল্পক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ স্থায়ী মুখ্য তোৰণ।
চৰকাৰৰ এই পদক্ষেপত আনন্দ প্ৰকাশ কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাই কয়, ‘‘ক্ৰীড়া প্ৰকল্পৰ নাম ভোগেশ্বৰ বৰুৱা দিলে নহয়, মোৰ মনে বিচৰা ধৰণে খেলুৱৈ উলিয়াই নিয়াৰ সুযোগ দিব লাগিব।’’
আজি ৰাজ্যিক ক্ৰীড়া দিৱস উপলক্ষে ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ৰাজ্য চৰকাৰে আয়োজন কৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সৰুসজাই প্ৰকল্পৰ নাম অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নাম দিবলৈ পাই আমি আনন্দিত। প্ৰথমবাৰৰ বাবে জীৱন্ত অৱস্থাত এগৰাকী ব্যক্তি নামত এটা প্ৰকল্প উৎসৰ্গা কৰিবলৈ সক্ষম হৈছো।’’
মুখ্যমন্ত্ৰীয়ে কয়, ৰাজ্যৰ ৫১ গৰাকী খেলুৱৈক ৫০, ৪০ আৰু ২৫ হাজাৰ টকা প্ৰদান কৰা হয়। পূৰ্বে ৩৪৮ গৰাকী খেলুৱৈ পেঞ্চন প্ৰদান কৰা হৈ আহিছিল। পুনৰ আৰু দুগৰাকী খেলুৱৈলৈ পেঞ্চন প্ৰদান কৰা হৈছে। চাৰিগৰাকীক বীৰ চিলাৰায় বঁটা প্ৰদানৰ লগতে খেল মহাৰণৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ খেলুৱৈ উলিয়াই আনিবলৈ সক্ষম হৈছো। আমি অসমৰ গাঁৱৰ পৰা খেলুৱৈসকলক বিচাৰি উলিয়াম।