PM Modi China Visit : আমেৰিকাক প্ৰত্যাহ্বান জনাই চীনলৈ প্ৰধানমন্ত্ৰী মোদী


 

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক বাণৰ মাজতে চীনলৈ ৰাওনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ড’নাল্ড ট্ৰাম্পৰ বাবেই এতিয়া চীনৰ সৈতে বিঘ্নিত হোৱা ভাৰতৰ কূটনৈতিক সম্পৰ্ক পুনৰ ঠন ধৰি উঠাৰ দিশে গতি কৰিছে। যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন ভ্ৰমণ কেৱল ভাৰতৰ বাবেই নহয় এছিয়াৰ কূটনৈতিক ক্ষেত্ৰৰ বাবেও গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।

চীনত SCO শীৰ্ষ সন্মিলনত ভাগ ল’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেওবাৰে চীনৰ ৰাষ্ট্ৰপতি শ্বী জিনপিঙৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব মোদীৰ। দেওবাৰে হ’বলগীয়া দ্ৱিপাক্ষিক বৈঠকৰ ওপৰত দৃষ্টি থাকিব বিশ্ৱৰ কূটনৈতিক মহলৰ। ১ ছেপ্টেম্ৱৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। এফালে ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ অতিৰিক্ত শুল্ক আৰোপ,আনফালে ড’নাল্ড ট্ৰাম্পৰ ভাবুকি লৈ কেৰেপ নকৰি প্ৰধানমন্ত্ৰী মোদী বহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনাত।
২০২০ৰ গালৱানৰ সংঘৰ্ষৰ পিছত অধিক অৱনতি ঘটিছিল ভাৰত-চীন সম্পৰ্কৰ। এই সম্পৰ্ক সুস্থিৰ কৰাৰ সুবৰ্ণ সুযোগ দুয়োখন দেশৰ। চীনৰ গ্ল’বেল টাইমছেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণক সম্পৰ্ক গাঢ় কৰাৰ সুবৰ্ণ সুযোগ বুলিয়ে অভিহিত কৰিছে। অৰ্থনৈতিক দৃষ্টিভংগীও জড়িত আছে মোদীৰ ভ্ৰমণত। ৰাজনৈতিক উত্তেজনাৰ মাজতো চীন ভাৰতৰ দ্বিতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ হৈ আছে যদিও বাণিজ্যিক ঘাটিৰো সন্মুখীন হৈছে ভাৰত। বাস্তৱত বিশ্বত উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ অৱদান চীনৰ দহ শতাংশতকৈও কম, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ো দুয়োখন দেশৰ মাজত প্ৰয়োজন সহযোগিতাৰ। একেসময়তে SCO শীৰ্ষ সন্মিলনত নিৰাপত্তাজনিত বিষয়সমূহো উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মূলতঃ সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদৰ ক্ষেত্ৰত চীনৰ দৃষ্টিভংগী কি হয়, সেয়া হ’ব অত্যন্ত গুৰুত্ৱপূৰ্ণ।

Post a Comment

Previous Post Next Post