NICUত বেডৰ পৰা পৰি শিশুৰ মৃত্যুৰ পিছত এইবাৰ GMCHত নৱজাতক সলনি


 

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) পুনৰ ভয়ংকৰ ঘটনা। পুনৰ এটি নৱজাতকৰ মৃত‍্যুৱে জোকাৰিছে হাস্পতালখন। হাস্পতালখনত শিশু সলনি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, শুকুৰবাৰে গোৱালপাৰাৰ ধূপধৰাৰ প্ৰিয়ংকা সৰকাৰ নামৰ মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত। প্ৰসূতিগৰাকীয়ে হাস্পতালত জন্ম দিছিল এটি সন্তান। কিন্তু জন্মৰ পিছৰে পৰা নৱজাতকক চাবলৈ দিয়া হোৱা নাছিল মাতৃক। পৰিয়ালে সুধিলে নৱজাতকটি ভালে আছিল বুলি কৈছিল চিকিৎসকে।
ইমানলৈ ঠিকেই আছিল। কিন্তু আজি পুৱা পৰিয়ালক নৱজাতকটিৰ মৃত্যু হোৱা বুলি জনায়। কিন্তু জন্মৰ পিছৰে পৰা সুস্থ হৈ থকা শিশুটিৰ কেনেকৈ মৃত্যু হ’ব পাৰে বুলি প্ৰশ্ন পৰিয়ালটোৰ। সন্তানৰ মৃত্যুৰ কথা কোনোপধ্যে মানি ল’ব পৰা নাই পৰিয়ালে। পৰিয়ালৰ অভিযোগ, তেওঁলোকৰ শিশুটি সুস্থ আছে আৰু সলনি কৰা হৈছে নৱজাতকটি। জীৱিত শিশুৰ সলনি মৃত নৱজাতকটি তেওঁলোকৰ বুলি কোৱা হৈছে বুলি ডাঙৰ অভিযোগ পৰিয়ালটোৰ।

Post a Comment

Previous Post Next Post