পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ব্যৱস্থাটোক কংগ্ৰেছে কেৱল উপহাস কৰাৰ বাহিৰে আন একোকে কৰিব নোৱাৰে৷ কংগ্ৰেছ দলটো বাংলাদেশীৰ সমৰ্থক, অনুপ্ৰৱেশকাৰী, বেদখলকাৰীৰ প্ৰিয়ভাজন৷ নিজৰ মাজতে গণতান্ত্ৰিক প্ৰমূল্যবোধক প্ৰতি মুহূৰ্ততে নস্যাৎ কৰি থকা এটা দল হ’ল কংগ্ৰেছ৷- এই ভাষ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ৷ কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি পুনৰ সৰব হৈ পৰা পৰিলক্ষিত হ’ল মন্ত্ৰী পীযুষ হাজৰিকাক৷
মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমত উল্লেখ কৰে যে বৰ্তমান কংগ্ৰেছ দলৰ মুধাফুটা নেতাসকলে হয়তো এটা কথা পাহৰিলে— এটা সময় আহিছিল, যেতিয়া বৰ্তমান ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই অসমলৈ আহি এজন এজনকৈ সেইসময়ৰ ৭৮গৰাকী কংগ্ৰেছী বিধায়কৰ পৰা মুখ্যমন্ত্ৰী কোন হোৱাটো উচিত, সেই সন্দৰ্ভত মতামত গ্ৰহণ কৰিছিল। ইয়াৰে ৫৪ জন বিধায়কে ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল। সেইসময়ৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সমৰ্থন জনাইছিল মাত্ৰ ১২জনে আৰু বাকীকেইগৰাকী আছিল নিৰপেক্ষ। কিন্তু, ইমানখিনি সমৰ্থন লাভ কৰাৰ পাছতো ড০ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী নাপাতিলে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
মাত্ৰ ১২গৰাকী বিধায়কৰ সমৰ্থনত সেইসময়ৰ মুখ্যমন্ত্ৰীগৰাকীক পদত বাহাল ৰখাৰ প্ৰতিবাদস্বৰূপে আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে ৫৪গৰাকী বিধায়কৰ সমৰ্থন থকা ড০ হিমন্ত বিশ্ব শৰ্মাক কৰা অপমানৰ প্ৰতিবাদত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰিবলৈ বাধ্য হোৱা বুলি উল্লেখ কৰে৷ বৰ্তমানৰ কংগ্ৰেছৰ বিয়াগোম নেতাসকলে এয়া জনা উচিত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলক কটাক্ষ কৰে৷ তেওঁ কয় যে অৱশ্যে আজি আমি গৌৰৱেৰে কওঁ যে বাংলাদেশীক সমৰ্থন কৰা, অনুপ্ৰৱেশকাৰী, বেদখলকাৰীৰ প্ৰিয়ভাজন কংগ্ৰেছ দলটোৰ আমি সদস্য নহয়। নিজৰ দলৰ মাজতে গণতান্ত্ৰিক প্ৰমূল্যবোধক প্ৰতি মুহূৰ্ততে নস্যাৎ কৰি থকা, একেটা ৰাজপৰিয়ালৰ নেতৃত্বতে দশক দশক ধৰি চলি থকা কংগ্ৰেছ দলটোৱে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক ব্যৱস্থাটোক উপহাস কৰাৰ বাহিৰে আন একোকে কৰিব নোৱাৰে!
.jpeg)