BTR Election 2025: BTR নিৰ্বাচনৰ বাবে BPFৰ দ্বিতীয়খন প্ৰাৰ্থীতালিকা প্ৰকাশ


 

শনিবাৰে BTR নিৰ্বাচনৰ বাবে BPFৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হয়। BPFৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। সমাগত নিৰ্বাচনৰ বাবে ১০টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে। ৪ আগষ্টত BTR নিৰ্বাচনৰ বাবে BPFৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল মহিলাৰীয়ে। প্ৰথমখন তালিকাত ২২টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল বিপিএফে।

চাওক দ্বিতীয়খন তালিকা:
১) পাঁচনৈ ছেৰফাং সমষ্টিৰ প্ৰাৰ্থী শ্যাম চুন্দি
২) ৰৌতা সমষ্টিৰ প্ৰাৰ্থী চৰণ বড়ো
৩) ননৈ ছেৰফাং সমষ্টিৰ প্ৰাৰ্থী কন্দৰ্প তপ্প
৪) মানস ছেৰফাং সমষ্টিৰ প্ৰাৰ্থী জংগিলা হাজোৱাৰী
৫) শালবাৰী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত গয়াৰী
৬) ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থী শ্বেমখৰ বড়ো
৭) থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমান
৮) তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী জিতেন মুছাহাৰী
৯) খালিংদুৱাৰ সমষ্টিৰ প্ৰাৰ্থী বনজেৰ দৈমাৰী
১০) ভেৰগাঁও সমষ্টিক প্ৰাৰ্থী মনচুমা বসুমতাৰী

Post a Comment

Previous Post Next Post