কালিৰ দিনটো আছিল ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন। কিয়নো কালি অসমত আই আই এম স্থাপনৰ উদ্দেশ্যে অনা বিধেয়কখন লোকসভাই গৃহীত কৰে। ইয়াৰ লগে লগে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অব্ মেনেজমেণ্ট (আই আই এম) প্ৰতিষ্ঠান স্থাপনৰ বাট প্ৰশস্ত হৈ পৰে। কিন্তু কালিৰ সেই ঐতিহাসিক ক্ষণটোতে বিৰোধী দল কংগ্ৰেছৰ দুমুখীয়া চৰিত্ৰ উন্মোচিত হোৱা বুলি অভিযোগ বিজেপিৰ। কংগ্ৰেছৰ এই কাৰ্যক বিভিন্নজনে গৰিহণা দিয়াৰ লগতে ঘৃণনীয় ৰাজনীতিৰে কংগ্ৰেছে অসম তথা অসমবাসীক বিশ্বমানৰ প্ৰতিষ্ঠা লাভৰ পৰা বঞ্চিত কৰিব বিচৰা বুলি বিভিন্নজনে মন্তব্য কৰিছে।
উল্লেখ্য যে কালি লোকসভাত বিধেয়খন গৃহীত কৰিবলৈ ভোট দান হোৱা সময়ত লোকসভাৰ অধ্যক্ষৰ আসনৰ পৰা সদন পৰিচালনা কৰি আছিল দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া। সেই সময়ত কংগ্ৰেছ দলৰ অসমৰ সাংসদ কেইজনৰ লগতে অন্যান্য কংগ্ৰেছ দলৰ সাংসদসকলে এই বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি সদনত হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। সদন পৰিচালনা কৰি থকা লোকসভাৰ অধ্যক্ষ দিলীপ শইকীয়াই অসমৰ সাংসদসকলক বিধেয়কখন সমৰ্থন কৰিবলৈ অনুৰোধ জনায়। অধ্যক্ষৰ আসনৰ পৰাই শইকীয়াই কংগ্ৰেছৰ লগতে সকলো বিৰোধী দলক বিধেয়কখন সমৰ্থন কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয় যে আই আই এম স্থাপন হ’বলৈ গৈ আছে, আপোনাকে য়েছ বুলি কওক। ন বুলি নক’ব। অসমত প্ৰথমবাৰৰ বাবে আজি প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এক বৃহৎ প্ৰতিষ্ঠান স্থাপন হ’বলৈ গৈ আছে, আপোনালোকে অনুগ্ৰহ কৰি সমৰ্থ কৰক।
ইপিনে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। কালিৰ দিনটোত এটা অতি আচৰিত তথা একে সময়তে দুৰ্ভাগ্যজনক পৰিস্থিতি প্ৰত্যক্ষ কৰা বুলি উল্লেখ কৰি বিষয়টো প্ৰতিগৰাকী অসমবাসীয়ে জনা উচিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অসমত আই আই এম স্থাপনৰ বাবে বিধেয়ক গৃহীত কৰিবলৈ লোকসভাই ভোটদান কৰাৰ সময়ত নিৰ্লজ্জভাৱে অসমৰ কংগ্ৰেছী সাংসদসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ এনে কাণ্ডক গৰিহণা দিয়ে। তেওঁ কয় যে আপুনি কল্পনা কৰিব পাৰিবনে যে কংগ্ৰেছে অসমক কিমান ঘৃণা কৰে যে তেওঁলোকে আমাৰ ৰাজ্যলৈ আই আই এম অহাটোও নিবিচাৰে? এয়া কংগ্ৰেছৰ অত্যন্ত নিন্দনীয় মানসিকতা৷ আমাৰ মানুহে তেওঁলোকৰ এই কাৰ্যৰ বাবে কেতিয়াও ক্ষমা নকৰে আৰু অসম বিৰোধী এই নিকৃষ্ট মানসিকতাক সদায় মনত ৰাখিব৷