আমেৰিকাৰ পৰা ভাৰতৰ ওপৰত হেঁচা আৰু নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো ৰাছিয়াই ভাৰতক এতিয়া ৫ শতাংশ ৰেহাইত তেল যোগান ধৰিব। ভাৰতত ৰাছিয়াৰ উপ-বাণিজ্য প্ৰতিনিধি ইভগেনি গ্ৰীভাই কয়, “ভাৰতলৈ ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয়ৰ ক্ষেত্ৰত আলোচনাৰ অধীনত ৫ শতাংশ ৰেহাই দিয়া হ’ব।’’ গ্ৰীভাই লগতে কয়, “ৰাজনৈতিক পৰিস্থিতিৰ মাজতো ভাৰতে প্ৰায় একে মাত্ৰাৰ তেল আমদানি কৰিব।” তেওঁ কয়, ‘‘ৰেহাইৰ কথা ক’বলৈ গ’লে এয়া আচলতে বাণিজ্যিক গোপনীয়তা। মই ভাবো, এয়া সাধাৰণতে কেৱল ব্যৱসায়ীৰ মাজত হোৱা আলোচনা আৰু প্ৰায় সাধাৰণতে ৫%। এই নিৰিখ উঠা-নমা কৰি আছে, কিন্তু সাধাৰণতে এয়া প্লাছ-মাইনাছ ৫%।’’
তেওঁৰ সৈতে ৰাছিয়াৰ Mission Romanৰ Deputy Chief Babushkinএ কয়, ‘‘যদিও নতুন দিল্লীৰ বাবে ই এক প্ৰত্যাহ্বানজনক পৰিস্থিতি তথাপি আমাৰ সম্পৰ্কৰ ওপৰত আমাৰ আস্থা আছে।’’ তেওঁ লগতে কয় যে বাহ্যিক হেঁচা সত্ত্বেও ভাৰত-ৰাছিয়াৰ শক্তি সহযোগিতা অব্যাহত থাকিব বুলি আমি আত্মবিশ্বাসী।
ইফালে, আমেৰিকাই ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰি ইউক্ৰেইনৰ যুদ্ধৰ বাবে ধন আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে নতুন দিল্লীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। হোৱাইট হাউছৰ বাণিজ্য উপদেষ্টা পিটাৰ নাভাৰ’ই কৈছিল যে ভাৰতে ৰাছিয়াৰ তেলৰ বাবে বিশ্বব্যাপী ক্লিয়াৰিংহাউছ হিচাপে কাম কৰে, নিষেধাজ্ঞা আৰোপ কৰা খাৰুৱা তেলক উচ্চ মূল্যৰ ৰপ্তানিলৈ ৰূপান্তৰিত কৰাৰ লগতে মস্কোক প্ৰয়োজনীয় ডলাৰ দিয়ে।