এইসকল শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে, এতিয়াৰে পৰা লাভ কৰিব এককালীন ২৫,০০০ টকাৰ আৰ্থিক সাহায্য


 

বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় অসম কেবিনেটৰ বৈঠক। বৈঠকৰ অন্তত সংবাদমেলত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেবিনেটত কনকলতা বিশ্ববিদ্যালয়ৰ বাবে ৪০০কোটি টকাৰ অনুমোদন জনোৱা হয়। গহপুৰত স্থাপন হ’ব কনকলতা বিশ্ববিদ্যালয়। বাগানৰ মাটি অধিগ্ৰহণ কৰা হ’ব বিশ্ববিদ্যালয়ৰ বাবে। ভূমি অধিগ্ৰহণ কৰা লোকসকলক সংস্থাপিত কৰা হ’ব। বিশ্ববিদ্যালয়খনৰ স্থাপনত বাগানৰ শ্ৰমিকক অগ্ৰাধিকাৰ দিয়া হ’ব।

এতিয়াৰে পৰা অসমৰ জিলা SPৰ পদসমূহক SSPৰূপে জনা যাব। Senior SP হিচাপে পৰিচিত হ’ব পদসমূহ। আজিৰ কেবিনেটত বড়োলেণ্ডৰ বাবে ৮৪৩কোটি টকাৰ পুঁজি অনুমোদন জনোৱা হয়। ৰাজ্যৰ গৱেষকসকলৰ বাবেও কেবিনেটে গ্ৰহণ কৰে এক বিশেষ সিদ্ধান্ত। ৰাজ্যৰ চৰকাৰী বিশ্ববিদ্যালয়ৰ গৱেষকসকলক ৰাজ্য চৰকাৰে ২৫,০০০ টকাৰ এককালীন সাহায্য আগবঢ়াব। অৱশ্যে, দিব্যাংগ গৱেষকসকলক প্ৰদান কৰা হ’ব ৪০,০০০ টকা। অচিৰেই ইয়াৰ বাবে যাৱতীয় প’ৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে।

লাখপতি বাইদেউৰ সাহায্যৰ বাবে ৯ জুনত প্ৰকাশ পাব তালিকা। এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ ৰূপায়ণৰ বাবে ১৪৫০ কোটি টকাৰ অনুমোদন জনাই অসম কেবিনেটে।

একেদৰে, গৌৰৱ গগৈৰ প্ৰসংগতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয়, ‘এইবাৰ ভাৰতীয় আৰু বিদেশীৰ মাজত যুদ্ধ হ’ব। পৰিয়ালৰ ৩জন বিদেশী আৰু এজন ভাৰতীয়। ভূপেন বৰা থকাহেঁতেন অলপ প্ৰতিদ্বন্দ্বিতা হ’লহেঁতেন। ১০ছেপ্টেম্বৰৰ পাছত আৰু বহু প্ৰশ্নৰ উত্তৰ দিব লাগিব।’

Post a Comment

Previous Post Next Post