অভিশপ্ত ড্ৰীমলাইনাৰ। সকলো পূৰ্বৰ দৰেই আছিল। সময়মতে বিমানখন উৰণৰ বাবে সাজু হৈছিল। বিমানখনত থকা এয়াৰ হোষ্টেছ মণিপুৰৰ নাংথই শৰ্মা যাত্ৰীসকল উঠাৰ পূৰ্বে ভিডিঅ’ কৰিছিল নিজৰ ম’বাইল। লাহে লাহে এজন এজন যাত্ৰী উঠি আহিছিল অভিশপ্ত বিমানখনলৈ। কোনোৱে সপোনতো ভবা নাছিল যে কিছুসময় পিছতেই সকলো শেষ হৈ যাব।
অভিশপ্ত বিমানখনত উঠি বহু যাত্ৰীয়ে চেলফি লৈছিল। লণ্ডনলৈ উৰা মাৰিছিল তিনি সন্তানসহ এটা পৰিয়াল। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। দুপৰীয়া ১ বাজি ৩৮ বজাৰ লগে লগে আহমদাবাদৰ বিমান বন্দৰৰ পৰা উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট-১৭১। কিন্তু উৰণৰ কিছু সময় পিছতে যান্ত্ৰিক বিজুতিয়ে দেখা দিছিল বিমানখনত। উৰাৰ পিছতো খোলা অৱস্থাত আছিল চকা, ভালদৰে মেল খোৱা নাছিল ‘উইংছ’। লগে লগে পাইলটে ‘মে ডে কল’ কৰি এ টি চিৰ পৰা সহায় বিচাৰিছিল।
বিমানখন উৰা মৰা মাত্ৰ ৫ মিনিট হৈছিল। লগে লগে হুৱাদুৱা লাগিল বিমানখনৰ ভিতৰত। ATCৰ পৰা সহায় বিচাৰিছিল যদিও পাইলটে নাপালে সঁহাৰি। যান্ত্ৰিক বিজুতিৰ বাবে লাহে লাহে ভাৰসাম্য হেৰুৱাইছিল বিমানখনে। ৫ মিনিট পিছতে বিমান বন্দৰৰ কাষতে থকা বি জে মেডিকেল কলেজৰ ছাত্ৰাৱাসত খুন্দা মাৰি প্ৰচণ্ড শব্দ হোৱাৰ পিছত জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে। বি জে মেডিকেল কলেজৰ ছাত্ৰাৱাসত পৰিল বিমানখন। সেই সময়ত মেডিকেল কলেজখনৰ হোষ্টেলত আহাৰ গ্ৰহণ কৰি আছিল ছাত্ৰসকলে।
ভয়ংকৰ দুৰ্ঘটনাটোত ৫ চিকিৎসকৰ থিতাতে মৃত্যু হ’ল। প্ৰায় ৪০ জন আহত। তিনি মহলাৰ পৰা জঁপিয়াই অসমৰ বিদ্যুৎ বিকাশ গগৈসহ কেইবাজনো ছাত্ৰৰ প্ৰাণৰক্ষা। জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে বিমানখন। লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হৈ অভিযান চলাই যদিও ২৬৫ জন লোকে প্ৰাণ হেৰুৱালে। নিহতসকলৰ ভিতৰত ১৬৯ গৰাকী ভাৰতীয়, ৫৩ গৰাকী ব্ৰিটিছ নাগৰিক, ৭ গৰাকী পৰ্তুগীজ নাগৰিক, এজন কানাডিয়ান নাগৰিক।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত নিহত সকলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন। প্ৰতিটো মৃতদেহ সুৰক্ষিত কৰি ৰক্ষাৰ প্ৰস্তুতি সম্পন্ন। এজন পাইলট, সহ পাইলট আৰু এজন ক্ৰু মেম্বাৰৰ মৃতদেহ চিনাক্ত। ১০ গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰো মৃতদেহ চিনাক্ত।আহমেদাবাদ বিমান দুৰ্ঘটনাত ২৬৫ জনৰ মৃত্যু। বিমানত থকাৰ যাত্ৰী ২৪২ গৰাকী যাত্ৰীৰ ১৪১ গৰাকীৰে মৃত্যু। সৌভাগ্যক্ৰমে ৰক্ষা এগৰাকী যাত্ৰীৰ। বিমানখনৰ 11A নং ছীটত বহি থকা বিশ্বাসকুমাৰ ৰমেশ নামৰ যাত্ৰীগৰাকীৰ প্ৰাণৰক্ষা।
পোহৰলৈ আহিছে বিমান দুৰ্ঘটনাৰ CCTV ভিজুৱেল। ৰাণৱেৰ পৰা উৰা মৰাৰ পিছতে কাৰিকৰী বিজুতি ঘটি দুৰ্ঘটনাত পতিত বিমানখন। ১৭ ছেকেণ্ডৰ ভিডিঅ’ত বিমান দুৰ্ঘটনাৰ অন্তিম দৃশ্য। এয়াৰ ট্ৰেফিক কণ্ট্ৰোললৈ মে’ডে কল কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বিমানৰ পাইলটে।
বিমান দুৰ্ঘটনাৰ তদন্ত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। হাস্পতালত আহতৰসকলৰ খবৰ ল’লে শ্বাহে। গুজৰাটতে ১০০০ৰো অধিক ডি এন এ পৰীক্ষা হ’ব। বিদেশীৰ যাত্ৰীৰ আত্মীয়ৰো ডি এন এ নমুনা লোৱা হ’ব বুলি সংবাদমেলত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু। অভিশপ্ত বিমানখনৰ যাত্ৰী আছিল ৰূপানী। লণ্ডনত থকা পত্নী আৰু কন্যাক লগ কৰিবলৈ গৈছিল বিজয় ৰূপানী।