Ahmedabad Plane Crash: ‘‘Mayday... no thrust, losing power...’’ অন্তিমবাৰ পাইলটে কৈছিল! অন্তিম ২৭ ছেকেণ্ডত কি হৈছিল বিমানখনত?


 

এয়াৰ ইণ্ডিয়াৰ এখন বিমানবন্দৰত সংঘটিত দুৰ্ঘটনাটোৰ তদন্তত ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচন (DGCA) গুৰুত্বসহকাৰে আগবাঢ়িছে। দুৰ্ঘটনাৰ কাৰণৰ তদন্তৰ মুখ্য তথ্য হৈ পৰিছে বিমানবন্দৰৰ CCTV ফুটেজ, য’ত বিমানখন টেকঅফৰ পাছত ৩১–৩২ ছেকেণ্ড ভিতৰতে দুৰ্ঘটনাত পতিত হোৱা সম্পূৰ্ণ দৃশ্য স্পষ্টকৈ ধৰা পৰিছে।

“Mayday… no thrust, losing power unable to lift” পাইলটৰ এই শেষ শব্দবোৰেই সংকটৰ গভীৰতা প্ৰকাশ কৰিছে।

২৭ ছেকেণ্ডত কি ঘটিল?
তদন্তত বিশেষ গুৰুত্ব দিয়া হৈছে বিমানখনৰ টেকঅফৰ ৭ৰ পৰা ১২ ছেকেণ্ডৰ ভিতৰত যি ঘটনা ঘটিছিল তাৰ ওপৰত। CCTV ফুটেজত দেখা গৈছে যে ৮ ছেকেণ্ডৰ পাছতে বিমানখন হঠাতে তললৈ নামিবলৈ ধৰিলে। এই পৰিস্থিতিত একাধিক সম্ভাৱনা উত্থাপিত হৈছে

১. হয়তো ইঞ্জিনে আংশিক বা সম্পূৰ্ণ কাৰ্যক্ষমতা হেৰুৱা
২. অথবা পাইলটে উৰণত নিয়ন্ত্ৰণ হেৰুৱা।

তদন্তৰ মূল দিশসমূহ:
DGCAএ ঘটনাটোৰ পটভূমি সম্পূৰ্ণ ৰূপত বুজিবলৈ তলত উল্লেখ কৰা বিভিন্ন দিশত তদন্ত আৰম্ভ কৰিছে
১. CCTV ফুটেজ: বিমান টেকঅফৰ লগে লগে কি হৈছিল, তাৰ স্পষ্ট দৃশ্য
২. Flight Data Recorder (FDR) আৰু Cockpit Voice Recorder (CVR): ইঞ্জিনৰ গতি, উচ্চতা, পাইলটৰ কথোপকথন , শব্দ আদিৰ ৰেকৰ্ড
৩. Air Traffic Control (ATC)-ৰ সৈতে হোৱা যোগাযোগ আৰু অডিঅ’ ৰেকৰ্ড
৪. BIRD STRIKE বা চৰাইৰ লগত সংঘৰ্ষৰ সম্ভাবনা
৫.ইঞ্জিনৰ ত্ৰুটি, থ্ৰাষ্ট হ্ৰাস, অথবা যান্ত্ৰিক/চফ্‌টৱেৰ বিজুতি।
৬. পাইলটৰ ভুল সিদ্ধান্ত বা যান্ত্ৰিক বিজুতি
৭. “Maintenance History” আৰু টেকঅফৰ আগত কৰা বিমানৰ পৰিদৰ্শন (Pre-Flight inspection Report)

বিশেষ গুৰুত্বৰ ২৭ ছেকেণ্ড!
বিশেষজ্ঞসকলে কৈছে যে এই ২৭ ছেকেণ্ডৰ সময়ছোৱাই হৈছে তদন্তৰ মূল চাবিকাঠি। এই সময়ছোৱাত বিমানখনে উচ্চতা হেৰুওৱা আৰম্ভ কৰিছিল। ঠিক এই সময়তে ইঞ্জিনৰ শক্তি হ্ৰাস, নিয়ন্ত্ৰণ হেৰুৱা আৰু সংকট সংকেত দিবলৈ পাইলটৰ শেষ প্ৰচেষ্টাসমূহ দেখা গৈছে।

Post a Comment

Previous Post Next Post