আহমেদাবাদৰ শোকাৱহ বিমান দুৰ্ঘটনাত একেলগে শেষ হৈ গ’ল বহু সপোন। আহমেদাবাদৰ শিহৰণকাৰী বিমান দুৰ্ঘটনাত এতিয়ালৈকে ২৬৫গৰাকী লোকৰ মৃত্যু নিশ্চিত হৈছে। বিমানখনত থকা ২৪১গৰাকী যাত্ৰীৰ লগতে বি জে মেডিকেল কলেজ হোষ্টেলৰ আৱাসীকে ধৰি আন লোকৰ মৃত্যু হৈছে।
আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত নিহতসকললৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰিয়ালৰ তৰফৰ পৰা গভীৰ শোকপ্ৰকাশ কৰিছে। ভয়াৱহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে। দেশৰ বাবে এই দুখৰ সময়ত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডে সকলো প্ৰকাৰৰ সহায় আৰু সমৰ্থন আগবঢ়াই যাব বুলি উল্লেখ কৰিছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ পৰিয়ালে।
আনফালে এই দুখৰ সময়ত প্ৰয়োজনত সকলো প্ৰকাৰৰ সহায়ৰ বাবে সাজু বুলি প্ৰকাশ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ মুকেশ আম্বানী আৰু ৰিলায়েঞ্চ ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে।