Ahmedabad Plane Crash: ভাৰত ভ্ৰমণ সামৰি ঘৰমুৱা হৈছিল দন্ত চিকিৎসক নিৰালি, কিন্তু যাত্ৰা আৰম্ভ কৰাৰ পিছতে শেষ হৈ গ’ল সকলো



শোকাৱহ বিমান দুৰ্ঘটনাত শেষ হৈ গ’ল ২৬৫গৰাকী লোকৰ জীৱন। অভিশপ্ত ১২ জুন ২০২৫ তাৰিখে আহমেদাবাদত হোৱা বিমান দুৰ্ঘটনাত প্ৰাণ গ’ল বহু যাত্ৰীৰ। ভাৰতৰ পৰা লণ্ডনৰ অভিমুখে যাত্ৰা আৰম্ভ কৰা বিমানখন প্ৰায় উৰণৰ কিছু মিনিটৰ পিছতেই দুৰ্ঘটনাত পতিত হয়।

আনৰ লগতে ডাঃ নিৰালি পেটেল ভাৰত ভ্ৰমণৰ পৰা টৰেণ্ট লৈ উভতি যোৱাৰ সময়তে এই ট্ৰেজেডী সংঘটিত হয়। লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে বৃহস্পতিবাৰে উৰণৰ পিছত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়।

ইট’বিকোকত বাস কৰা ৩২ বছৰীয়া দন্ত চিকিৎসকগৰাকী বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰত থকা একমাত্ৰ কানাডাৰ নাগৰিক আছিল। এই ঘটনাটোৱে সকলোকে জোঁকাৰি পেলাইছে কৰিছে৷ এই ঘটনাৰ বাখ্যাৰ কোনো শব্দ নাই। জানিব পৰা অনুসৰি নিৰালিয়ে ৪-৫ দিনৰ বাবে ভাৰত ভ্ৰমণলৈ আছিল। ভাৰত ভ্ৰমণ সামৰি বিমানখনত উঠিছিল নিৰালি।

দন্ত চিকিৎসক গৰাকীৰ স্বামীয়ে দ্য কানাডিয়ান প্ৰেছৰ সৈতে চমুকৈ কথা পাতি প্ৰকাশ কৰে যে তেওঁ নিজৰ আৰু তেওঁলোকৰ এবছৰীয়া সন্তানৰ বাবে ভাৰতলৈ বিমান বুকিং কৰাৰ কথা আছিল। পেটেলে মিচিছাগাৰ এখন দন্ত চিকিৎসালয়ত কৰ্মৰত আছিল। অণ্টাৰিঅ’ৰ ৰয়েল কলেজ অৱ ডেণ্টেল চাৰ্জনৰ মতে, ২০১৬ চনত ভাৰতত ডেণ্টেল ডিগ্ৰী লাভ কৰাৰ লগতে ২০১৯ চনত কানাডাত অনুজ্ঞাপত্ৰ লাভ কৰিছিল। নিৰালিৰ পিতৃ-মাতৃ, ভাতৃ আৰু ভনীয়েক ব্ৰেম্পটনত থাকে।

Post a Comment

Previous Post Next Post