১৮ বছৰৰ অপেক্ষাৰ অন্তত আইপিএলৰ খিতাপ দখল কৰিলে আৰচিবিয়ে। এই বিজয়ৰ পাছতে বেংগালুৰুত আনন্দ উৎসৱৰ আয়োজন কৰা হৈছিল। কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ এই ঐতিহাসিক বিজয়ৰ উৎসৱৰ সময়তে সংঘটিত হ’ল দুখজনক দুৰ্ঘটনা। চিন্নস্বামী ষ্টেডিয়ামৰ বাহিৰত প্ৰচণ্ড ভিৰৰ বাবে হোৱা পদপিষ্টৰ ঘটনাত ১১জন লোকৰ মৃত্যু হয়। এই ঘটনাত ২৫জনৰো অধিক লোক আঘাতপ্ৰাপ্ত হয়।
প্ৰশাসনে এই বিজয় উৎসৱত ২ লাখ লোকৰ সমাগম হ’ব বুলি অনুমান কৰিছিল। কিন্তু প্ৰায় ৬ লাখ লোকে ভিৰ কৰে ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে। পৰিস্থিতি এনেকুৱা হয়গৈ যে ৩২০০০ লোকৰ বহিব পৰা ব্যৱস্থা থকা চিন্নস্বামী ষ্টেডিয়ামত প্ৰায় ১ লাখ লোকে প্ৰৱেশ কৰে।ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ কেইবাখনো গেট আছিল, কিন্তু মানুহৰ ঠেলা-হেঁচাত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। আৰক্ষী আৰু ষ্টেডিয়াম প্ৰশাসনে উপস্থিত লোকসকলক বাধা দিয়াৰ চেষ্টা কৰে, কিন্তু তালৈ কাণসাৰ নাছিল কাৰো। বহু লোকক দেৱাল পাৰ হৈ ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰাও দেখা যায়। এজন বিষয়াই কয়, মানুহে যিকোনো প্ৰকাৰে ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকে গে’ট, নিৰাপত্তা একো ভ্ৰূক্ষেপ কৰা নাছিল, কেৱল আগবাঢ়ি গৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয়, যাৰ ফলত পৰিস্থিতি অধিক বিশৃংখল হৈ পৰে।বাহিৰৰ পৰিৱেশো একেবাৰে আনন্দমুখৰ আছিল। মানুহে বাদ্যযন্ত্ৰ বজাই নাচি আছিল, ফটকা ফুটাইছিল আৰু বিৰাট কোহলী, ফাফ ডুপ্লেছিছৰ দৰে খেলুৱৈৰ কাট-আউটত মালা পিন্ধাইছিল। কিন্তু ভিৰ বঢ়াৰ লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। আৰক্ষীৰ সাৱধানবাণী আৰু বেৰিকেড পাৰ হৈ উপস্থিত লোকসকলে ষ্টেডিয়ামৰ ফালে আগুৱাই যায়।