TOM COOPER SLAMS PAKISTAN : টম কুপাৰে উদঙালে পাকিস্তানৰ মিথ্যাচাৰ, মিথ্যাচাৰেৰে দেশৰ জনতাক আঁভুৱা ভাৰি আহিছে পাকিস্তান চৰকাৰে


 

আন্তঃৰাষ্ট্ৰীয় যুদ্ধ বিশ্লেষক তথা ইতিহাসবিদ টম কুপাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদঙালে পাকিস্তানৰ মিথ্যাচাৰ। দেশৰ সেনা বাহিনীৰ শক্তিকলৈ দেশৰ জনতাক আঁভুৱা ভাৰি আহিছে পাকিস্তানে। পাকিস্তানৰ পাৰমাণৱিক শক্তিক লৈও সন্দেহ ব্যক্ত কৰিলে টম কুপাৰে।

অপাৰচেন সিন্দূৰৰ জৰিয়তে পাকিস্তানক ভাৰতে সেও মনালে। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ অপাৰেচন সিন্দূৰ সন্দৰ্ভত বিশেষ চৰ্চা চলিছে। তাৰ মাজতে আন্তৰাষ্ট্ৰীয় যুদ্ধ বিশ্লেষক তথা ইতিহাসবিদ টম কুপাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ মিথ্যাচাৰ উদঙালে। টম কুপাৰে ক’লে- পাকিস্তানে দেশৰ জনতাৰ মাজত ভুৱা বাতৰি বিয়পাইছে। চীনৰ পৰা অনা পাকিস্তানৰ যুদ্ধ বিমানে ভাৰতক পৰাস্ত কৰিবলৈ সক্ষম বুলি পাকিস্তানে দেশৰ জনসাধাৰণক পতিয়ন নিয়াইছে। পাকিস্তানৰ এই নীতি বহু পুৰণি বুলিও টম কুপাৰে মন্তব্য কৰিছে। আৰু সেই নীতিৰেই পাকিস্তানৰ সেনা, ভাৰতীয় সেনাতকৈ বহু শক্তিশালী বুলি পাকিস্তানে দেশৰ জনসাধাৰণক পতিয়ন নিয়াই আহিছে।

চীন আৰু আমৰিকাৰৰ যুদ্ধাস্ত্ৰৰে পাকিস্তানে দেশৰ স্থল-বায়ু-নৌ তিনিওটা বিভাগে ভাৰতীয় সেনাতকৈ শক্তিশালী বুলি ভুৱা প্ৰচাৰ চলাই আহিছে। বৃহস্পতিবাৰে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু সেনা প্ৰধান আছিম মুনিৰে টেংকৰ এপৰত উঠি সেনাক সম্বোধন কৰা সন্দৰ্ভত মন্তব্য কৰি টম কুপাৰে ক’লে, ভাৰতক যুদ্ধত বলে নোৱাৰা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যও মিথ্যাচাৰৰ অংশ মাত্ৰ।

একেসময়তে ভাৰতৰ সামৰিক সামৰ্থক সন্মান জনাই টম কুপাৰে ক’লে- ভাৰত লক্ষ্য নিৰ্দিষ্ট আক্ৰমণ কৰাত সম্পূৰ্ণ সক্ষম। পৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণ নকৰাটোও ভাৰতৰ সক্ষমতা। কাৰণ ইয়াৰ জৰিয়তে ভাৰতে পাকিস্তানৰ যিকোনো লক্ষ্য স্থানতে আক্ৰমণ কৰিবলৈ সক্ষম বুলি প্ৰমাণ কৰি দিলে। একে সময়তে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ জয় কৰা বুলি কৰি অহা দাবী, ভাৰতে স্পষ্ট প্ৰমাণ দি পাকিস্তানৰ মিথ্যাচাৰ ফাদিল কৰা বুলিও আন্তঃৰাষ্ট্ৰীয় যুদ্ধ বিশেষজ্ঞ টম কুপাৰে মন্তব্য কৰিছে।একেসময়তে আন্তঃৰাষ্ট্ৰীয় যুদ্ধ বিশ্লেষক টম কুপাৰে পাকিস্তানৰ পাৰমাণৱিক আন্তঃগাঁথনিৰ সুৰক্ষাৰ বিষয়েও সন্দেহ প্ৰকাশ কৰিছে। শেহতীয়া পৰিঘটনাই দেশখনৰ পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ পৰিচালনাৰ ক্ষমতাৰ ওপৰত দীৰ্ঘদিনীয়া সন্দেহক আৰু শক্তিশালী কৰিছে বুলি টম কুপাৰে মন্তব্য কৰে। পাকিস্তানৰ কি আছে, ক’ত আছে ভাৰতৰ হাতত তাৰ সম্পূৰ্ণ চিত্ৰ আছে। টম কুপাৰে লগতে কয় যে ভাৰতে পাকিস্তানৰ এটা ভূগৰ্ভত থকা এটা প্ৰকল্পত আক্ৰমণ কৰাৰ সময়তে প্ৰকৃততে যুদ্ধৰ অন্ত পৰিছিল। কাৰণ ইয়াৰ দ্বাৰাই ভাৰতে পাকিস্তানৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ কৰিবলৈ সক্ষম বুলি প্ৰমাণ কৰি দিছিল। একেসময়তে বিশ্ববাসীৰ সন্মুখত পাকিস্তান যে পাৰমাণৱিক অস্ত্ৰৰ সুৰক্ষাত ব্যৰ্থ উদঙাই দেখুৱালে।

Post a Comment

Previous Post Next Post