ভাৰতৰ শত্ৰু পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-তৈবাৰ বাংলাদেশৰ মুৰব্বী মুফ্টি হাৰুন ইজহাৰক সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে চুবুৰীয়া বাংলাদেশে৷ বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ ন্যায় উপদেষ্টাৰ সৈতে খোদ ৰাজধানী ঢাকাৰ ন্যায় মন্ত্ৰালয়তে বৈঠকত বহিল সন্ত্ৰাসবাদী নেতা হাৰুন ইজহাৰ৷
আকৌ বাংলাদেশত সক্ৰিয় পাকিস্তানী সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবা (LeT)৷ এইবাৰ মুকলিকৈ বাংলাদেশ চৰকাৰৰ নেতৃত্বৰ সৈতে বহিল বৈঠকত পাকিস্তানী সন্ত্ৰাসবাদী LeTৰ বাংলাদেশৰ মুৰব্বী৷ তাকো বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অতি বৰ্বৰ পেহেলগামৰ পিছদিনাই মুকলিকৈ ঢাকাৰ ন্যায় মন্ত্ৰালয়ত সন্ত্ৰাসবাদী LeTৰ নেতাই বৈঠকত বহে৷
বাংলাদেশৰ ৰাজধানী ঢাকাৰ ন্যায় মন্ত্ৰণালয়ৰ ভিতৰত বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ ন্যায় দপ্তৰৰ মুৰব্বী ড° আছিফ নজৰুলৰ সৈতে বৈঠকত মিলিত হয় মুফ্টি হাৰুন ইজহাৰ৷ ন্যায় উপদেষ্টা ড° আছিফৰ সৈতে ভাৰতৰ শত্ৰু মুফ্টি হাৰুন ইজহাৰে সতীৰ্থ নেতাৰ সৈতে বৈঠকত মিলিত হয় বিগত ২৩ এপ্ৰিলত৷ অৰ্থাৎ জম্মু-কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাই ২৬ নিৰীহ পৰ্যটকক শূন্য দূৰত্বৰ পৰা অতি নৃশংসভাৱে গুলীয়াই হত্যা কৰাৰ লোমহৰ্ষক তথা অতি জঘন্য ঘটনাটো পিছৰ দিনটোতে ঢাকাত বৈঠকত বহিছিল পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ বাংলাদেশ গোটৰ মুৰব্বী মুফ্টি হাৰুন ইজহাৰে৷পেহেলগাম হত্যাকাণ্ডৰ পাছৰ দিনটোতে অসম তথা উত্তৰ-পূবৰ সীমামূৰীয়া বাংলাদেশৰ ৰাজধানী ঢাকাত বৈঠকত বহিছিল LeT নেতা মুফ্টি হাৰুন ইজহাৰ৷ ন্যায় উপদেষ্টা ড° আছিফ নজৰুলৰ সৈতে ন্যায় মন্ত্ৰণালয়তে বহি LeT নেতা হাৰুন ইজহাৰে ৰচিছিল ভাৰত বিৰোধী কেতবোৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট৷
হেফাজত-ই-ইছলামৰ নেতা তথা পাকিস্তানী সন্ত্ৰাসবাদী লস্কৰ-ই-তৈবাৰ বাংলাদেশৰ মুৰব্বী এইজন হাৰুন ইজহাৰে এইদৰে বাংলাদেশৰ চৰকাৰৰ নেতৃত্বৰে বৈঠকত মিলিত হোৱাৰ পাছতে NEWS18ৰ হাতত পৰিছেহি এইটো সন্ত্ৰাবাদীৰ কেতবোৰ ভিডিঅ’ ক্লীপ৷ এই ভিডিঅ’ ক্লীপবোৰত কেনেদৰে বাংলাদেশৰ যুৱ সমাজক ভাৰতৰ বিৰুদ্ধে উচটাইছে তাক স্পষ্ট কৰিছে৷ লস্কৰ-ই-তৈবাৰ নেতা তথা ভাৰতৰ শত্ৰু এইটো সন্ত্ৰাসবাদীয়ে দিছে ভাৰতৰ বিৰুদ্ধে হুংকাৰ৷ বাংলাদেশৰ যুৱকক দিছে সামৰিক প্ৰশিক্ষণ পৰামৰ্শ৷
পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ নেতা মুফ্টি হাৰুন ইজহাৰে বিগত ৭ মে’ত হেফাজত-ই-ইছলামীৰ এক সভাত অংশ লৈ বাংলাদেশৰ যুৱকক ভাৰত, আমেৰিকা, চীনৰ বিৰুদ্ধে সজাগ হ’বলৈ উচতনিমূলক ভাষণ দিয়ে৷ সন্ত্ৰাসবাদী মুফ্টি হাৰুন ইজহাৰে ভাষণত হেফাজত-ই-ইছলাম থাকিলেহে অসম, পশ্চিম বংগৰ মুছলামৰ সুৰক্ষিত হ’ব আৰু মিজোৰামক খ্ৰীষ্টান ৰাজ্য হোৱাৰ পৰা ৰক্ষা হ’ব বুলি যুৱকসকলৰ সন্মুখত উচতনিমূলক মন্তব্য কৰে৷