ৰাছিয়া আৰু ইউক্ৰেইনৰ আলোচনাত বিঘিনি, ভাৰত সম্পৰ্কত ট্ৰাম্পেও সলাইছে সুৰ



 ফুটুকাৰ ফেনত পৰিণত হ’ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হ’বলগীয়া শান্তি আলোচনা। ইস্তানবুলত হ’বলগীয়া শান্তি আলোচনাত ভাগ নলয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। বিপৰীতে ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰিবলৈ প্ৰতিনিধিহে প্ৰেৰণ কৰিব ৰাছিয়াই। যাৰ ফলত ক্ষুন্ন হৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলাডিমিৰ জেলেনস্কীয়ে ৰাছিয়াৰ প্ৰতিনিধিক সাক্ষাৎ নকৰাৰ সিদ্ধান্ত লৈছে।

ইফালে, ইস্তানবুলত হ’বলগীয়া শান্তি আলোচনাখনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মুখামুখিকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা আছিল যদিও মূৰকত সেয়া হৈ নুঠিব। বিপৰীতে ইউক্ৰেইন আৰু ৰাছিয়াই নিজ নিজ প্ৰতিনিধিৰ মাজতহে আলোচনাত ভাগ ল’ব। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী, সামৰিক আৰু চোৰাংচোৱা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেগে ভাগ ল’ব আলোচনাত। ৰাষ্ট্ৰপতি পুটিনৰ সলনি প্ৰতিনিধি প্ৰেৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মস্কোৱে শান্তি আলোচনাক গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ আনিছে ইউক্ৰেইনে। ভলাডিমিৰ জেলেনস্কীয়ে পুটিনৰ সৈতে মুখামুখি আলোচনাৰ আহ্বান জনাইছিল যদিও আমেৰিকাৰ পাক চক্ৰত পৰি আলোচনাৰ গতি সলনি হয়।

উল্লেখ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আলোচনাক লৈ কৰিছে আন এক মন্তব্য। তেওঁ কয় যে, যেতিয়ালৈকে মই আৰু পুটিন উপস্থিত নাথাকো তেতিয়ালৈকে শান্তি চুক্তি বাস্তৱায়িত নহয়।

ইফালে ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মধ্যস্থতাক লৈ সুৰ সলাইছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ভাৰত পাকিস্তানৰ মধ্যস্থতা কৰা নাছিলো বুলি মন্তব্য কৰি ট্ৰাম্পে ক’লে ভাৰত-পাকিস্তানৰ মধ্যস্থতাত সহায় কৰাৰহে কথা। ভাৰত-পাকিস্তানৰ সংঘাতৰ মধ্যস্থতাক লৈ বিশ্বজুৰি চৰ্চা চলি থকাৰ মাজতে লুটি বাগৰ মাৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰতৰ কঠোৰ স্থিতিৰ পাছতে সলনি ডনাল্ড ট্ৰাম্পৰ স্থিতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছিল পাকিস্তানৰ DGMOই ফোন কৰাৰ পিছতহে ভাৰতে আক্ৰমণ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল। ইপিনে হঠাৎ কাটাৰৰ মাৰ্কিন সেনাৰ শিবিৰত ভাষণ দি ডনাল্ড ট্ৰাম্পে ক’লে, মই নকওঁ যে মই কৰিছিলোঁ, কিন্তু নিশ্চিতভাৱে ভাৰত-পাকিস্তানৰ মাজৰ সমস্যা তথা সংঘাত নিষ্পত্তিৰ ক্ষেত্ৰত সহায় কৰিছিলোঁ।


Post a Comment

Previous Post Next Post