প্ৰথমবাৰলৈ ছিকিমে প্ৰকাশ কৰিলে ৰাজ্যখনৰ Snow Leopardsৰ সংখ্যা


 

ৰাজ্য হিচাপে ছিকিমে ৫০ বছৰত ভৰি দিলে। শুকুৰবাৰে সোণালী জয়ন্তী পালনৰ দিনটোতে সমগ্ৰ দেশৰ বাবে এক ‘উপহাৰ’ ঘোষণা কৰিলে ছিকিমে। প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিলে ‘স্নো লেপাৰ্ড’ৰ গণনাৰ ৰিপ’ৰ্ট। সেই ৰিপ’ৰ্টত কোৱা হৈছে, ছিকিমত লুপ্তপ্ৰায় স্নো লেপাৰ্ডৰ সংখ্যা বৃদ্ধি পাই এতিয়া ২১টা হৈছেগৈ।

শুকুৰবাৰে এই ৰিপ’ৰ্ট যৌথভাৱে প্ৰকাশ কৰে ছিকিমৰ বন আৰু পৰিৱেশ বিভাগ আৰু ডব্লিউ ডব্লিউ এফে (ৱৰ্ল্ড ৱাইল্ড ফাণ্ড ফৰ নেচাৰ ইণ্ডিয়া)। ৰিপ’ৰ্টত কোৱা হৈছে, ৰাজ্যখনৰ উত্তৰ আৰু পশ্চিমত বিলুপ্তপ্ৰায় স্নো লেপাৰ্ডৰ সংখ্যা এতিয়া ২১টা। হিমালয় পাৰ্বত্য অঞ্চলত দুবছৰ ধৰি বিজ্ঞানসন্মতভাৱে নজৰ ৰাখি, কেমেৰা স্থাপন কৰি এই তথ্য লাভ কৰিছে। ভৱিষ্যতে এই বিলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰি বুলিও পৰামৰ্শ দিয়া হৈছে ৰিপ’ৰ্টত।

ইয়াৰ লগতে ছিকিমে এক নতুন প্ৰতীক প্ৰকাশ কৰিছে - ‘কুজু’ নামৰ এটা স্নো লেপাৰ্ড। চৰকাৰী সূত্ৰে জনা গৈছে, ছিকিমৰ বন্যপ্ৰাণী সংৰক্ষণৰ অংগীকাৰৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰতীক তৈয়াৰ কৰা হৈছে।

ছিকিমৰ বন আৰু পৰিৱেশ দপ্তৰৰ মুখ্য সচিব প্ৰদীপ কুমাৰে জনাইছে, বিলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণৰ ক্ষেত্ৰত ই এক মাইলষ্টোন। তেওঁ লগতে কয়, কোনো কোনো কেমেৰাত স্নো লেপাৰ্ড আৰু ৰয়েল বেংগল টাইগাৰ একেলগে ধৰা পৰিছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে ছিকিমৰ জৈৱবৈচিত্ৰ্য।উল্লেখযোগ্য যে ১৯৭৫ চনত ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল ছিকিমে। সেই স্বীকৃতিৰ সোণালী জয়ন্তীত ৰাজ্যবাসীক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে সামাজিক মাধ্যমত লিখিছে, এই ৰাজ্যখনৰ সৈতে সৌন্দৰ্য, সংস্কৃতি আৰু পৰিশ্ৰমী লোকসকল জড়িত হৈ আছে। এই সুন্দৰ ৰাজ্যখনৰ লোকসকল এইদৰেই সমৃদ্ধ হৈ থাকক।

Post a Comment

Previous Post Next Post