চৰকাৰ, আৰক্ষী, চিবিআই সকলোৱে পাহৰিলে জোনমণিক! কন্যাৰ ফটোৰ সন্মুখত উচুপি উচুপি বন্তি জ্বলালে মাতৃয়ে



 কন্যাৰ ফটোৰ সন্মুখত উচুপি উচুপি বন্তি জ্বলাইছে মাতৃয়ে। অকালতে কন্যাক হেৰুৱাই অকলশৰীয়া মাতৃয়ে পাৰ কৰিছে দিন। আজি জোনমণি ৰাভাৰ দুবছৰীয়া মৃত্যুবার্ষিকী। মৃত্যুবার্ষিকীৰ দিনটোত দুৰ্ভগীয়া মাতৃৰ অভিযোগ চৰকাৰ, আৰক্ষী, চিবিআই সকলোৱে পাহৰিলে জোনমণিক। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ গোচৰ উঠাই লোৱাৰ পিছত প্রতিশ্রুতি পূৰণ নকৰিলে চিবিআয়ে। জোনমণিৰ আত্মীয়ক চৰকাৰী চাকৰি দিম বুলি আজিকোপতি একো নকৰিলে। আনকি জোনমণিয়ে পিন্ধা পোছাক, ব্যৱহাৰ কৰা সামগ্রী বিচাৰি মাতৃয়ে কৰিছিল আবেদন। কিন্তু বিগত দুটা বছৰে সামগ্রীখিনি পঠিয়াবলৈও আহৰি নহ’ল কাৰো। মাতৃৰ শেষ ইচ্ছা, জীয়াৰীৰ নামত স্থাপন কৰিব স্মৃতি সংগ্ৰহালয়, সজতনে ৰাখিব সকলো সামগ্রী।


শুকুৰবাৰে মৃত্যু বার্ষিকীৰ দিনটোত দুৰ্ভগীয়া মাতৃ গৰাকীৰ কাষত থিয় হ’ল মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ। অকলশৰীয়া মাতৃগৰাকীৰ দুখ-বেদনা বুজি নোপোৱা চৰকাৰক সমালোচনা মীৰা বৰঠাকুৰৰ। চাকৰি বাদেই মাতৃয়ে বিচৰা জোনমণিৰ সামগ্রীখিনি আনি দিব নোৱাৰা বিষয়টোত দুখ প্ৰকাশ কৰি মীৰা বৰঠাকুৰে ক’লে, আৰক্ষী বা চৰকাৰে অকলশৰীয়া মাতৃগৰাকীক দিয়া প্ৰতিশ্ৰুতি এনেদৰে পাহৰিব নালাগে। পুত্র-কন্যাৰ অকাল মৃত্যুৰ পিছত ঘৰখনত সন্তানৰ স্মৃতি লৈ দিন পাৰ কৰা জোনমণি ৰাভাৰ মাতৃৰ মনৰ বেদনা বুজিব কোনে?

শুকুৰবাৰে মৃত্যু বার্ষিকীৰ দিনটোত জোনমণি ৰাভাৰ বাসগৃহত মাতৃয়ে আয়োজন কৰিলে নাম-প্ৰসংগৰ। ৰোগত আক্ৰান্ত হৈ পুত্ৰৰ বিয়োগৰ পিছত এতিয়া একেবাৰে অকলশৰীয়া জোনমণিৰ মাতৃ। দুটা বছৰে জোনমণিৰ শোকত দিন পাৰ কপিছে ৰোগাগ্ৰস্ত মাতৃগৰাকীয়ে। বৃদ্ধ বয়সত তেওঁৰ এটাই মনৰ ইচ্ছা, জীয়াই থাকোতেই জোনমণিৰ নামত এটা স্মৃতিসৌধ বনাব। জোনমণিয়ে ব্যৱহাৰ কৰা সামগ্রীখিনি ঘৰতে এটা সংগ্ৰহালয় বনাই ৰাখিব।


Post a Comment

Previous Post Next Post