উজবেকিস্তান টাচকেণ্টত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ ফাইনেলত ভাৰতীয় দলে প্ৰৱেশ কৰিছে। ভাৰতীয় ৰিজাৰ্ভ দলটোত অসমৰ তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰ, নৱাগত তুসাৰ প্ৰভাকৰ আৰু মৃনাল চৌহান আছে।
ভাৰতীয় দলে প্ৰাৰম্ভিক ৰাউণ্ডত কিৰঘিজস্তান আৰু ছেমি ফাইনেলত ঘৰুৱা উজবেকিস্তানক ৬-০ ব্যৱধানত ধৰাশায়ী কৰে। ৫ মে’ত চীনৰ বিৰুদ্ধে স্বৰ্ণপদকৰ বাবে টীম ইণ্ডিয়াই যুঁজ দিব।
উল্লেখযোগ্য যে, অসমৰ সফল আৰ্চাৰ জয়ন্ত তালুকদাৰে অৰ্জুন বটাৰ লগতে দুবাৰকৈ বিশ্ব চেম্পিয়ন, কমনৱেলথ গেমছৰ পদক আৰু এছিয়ান গেমছৰ পদক অৰ্জন কৰিছে। ইয়াৰোপৰিও, আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ গৰাকীয়ে ছাফ গেমছৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া অথবা ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো চেম্পিয়ন হ’বলৈ সক্ষম হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীৰ জয়ন্ত তালুকদাৰে পূৰ্বতে ২০১২ চনৰ লণ্ডন অলিম্পিক গেমছত অংশ লৈছিল যদিও তেওঁৰ পৰৱৰ্তী লক্ষ্য হ’ল ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণ পদক লাভ কৰা।
Tags:
Sports