ৰাষ্ট্ৰীয় কেটেল বেল প্ৰতিযোগীতাত সোণৰ পদক অৰ্জন ৫ বছৰীয়া য়ান্যী গুপ্তাৰ

 


ক্ৰীড়া জগতৰ এক ভাল খবৰ। অসমৰ এগৰাকী ৫ বছৰীয়া শিশুৱে ৰাষ্ট্ৰীয় কেটেল বেল প্ৰতিযোগীতাত প্ৰথম স্থান লাভ কৰিছে। পুনেত অনুস্থিত হোৱা এই ৰাষ্ট্ৰীয় প্ৰতিযোগীতাত কেটেল বেলৰ ২ কজি শাখাত বশিষ্ঠৰ য়ান্যী গুপ্তাই সোণৰ পদক লাভ কৰে।


সমান্তৰালভাবে ৫ বছৰ বয়সতে ৪ কেজি ওজনৰ কেটেল বেল খেলা বাবে অসম বুক অফ ৰেকৰ্ডছত য়ান্যী গুপ্তাই নাম সন্নিবিষ্ট কৰাবলৈ সক্ষম হয়। য়ান্যী গুপ্তাৰ সাফল্যক লৈ পিতৃ সুধীৰ গুপ্তা আৰু মাতৃ মৃদু আগৰৱালা গুপ্তা উৎসাহী।

২০২৩ চনত অনুস্থিত হ’ব লগা এছিয়ানচ গেমচৰ বাবে নিৰ্বাচিত হবৰ বাবে প্ৰস্তুতি চলাই আছে কনমানি শিশু জনে।উল্লেখযোগ্য যে, অসমৰ পৰা ৫ বছৰ বয়সতে কেটল বল খেলত অংশগ্ৰহণ কৰা য়ান্যী গুপ্তা প্ৰথম আৰু একমাত্ৰ খেলুৱৈ।

Post a Comment

Previous Post Next Post