ভৰসা মাথোঁ বাওঁ হাতখন, এখন হাত অবিহনেই টেবুল টেনিচৰ জগতলৈ আহিছে ন বছৰীয়া বিপ্ৰজিৎ



 অদম্য সাহস, একাগ্ৰতা আৰু ইচ্ছাশক্তি থাকিলে জীৱনৰ সকলো বাধা অতিক্ৰম কৰিব পাৰি। বাধা অতিক্ৰম কৰিব পাৰি শাৰিৰীক প্ৰতিবন্ধকতাৰ পৰাও। শিলচৰৰ এটি কণমানি খেলুৱৈ ন বছৰীয়া বিপ্ৰজিত দেৱ ইয়াৰ এক উদাহৰণ।


টেবুল টেনিছ খেলাৰ বাবে তেওঁৰ কেবল বাওঁ হাতখনহে ভৰসা। জন্মৰে পৰাই তেওঁৰ সোঁহাতখন কিলাকুটিলৈকে নাই। কিন্তু সেই বাধাই তেওঁক পেডলাৰ হিচাপে পৰিচয় গঢ়ি তোলাৰ ক্ষেত্ৰত বাধা নিদিলে। অভিভাৱক, প্ৰশিক্ষক আৰু অন্যান্য খেলুৱৈৰ পৰা যথেষ্ট সহায় লৈ তেওঁ আগবাঢ়িছে।

যোৱা তিনিবছৰ এই কণমানি খেলুৱৈজনে শিলচৰৰ ডিএছএ-ত নিয়মীয়াকৈ প্ৰশিক্ষণ লৈ আছে। ইফালে জিলা পর্যায়কে ধৰি অল আছাম ৰেংকিঙতো খেলিছে তেওঁ৷ লাভ কৰিছে বহু বঁটা। কাছাৰ জিলা ক্ৰীড়া সন্থাৰ টেবুল টেনিছ প্ৰশিক্ষক পাৰ্থ দেৱে কয় যে ইতিমধ্যে বিপ্ৰজিতে অল আছাম ৰেংকিঙত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে।
যোৱা ৩ বছৰৰ পৰা এই একাডেমীত প্ৰশিক্ষণ লৈ আছে তেওঁ। টেবুল টেনিছৰ প্ৰশিক্ষণত দ্ৰুত কেচ কৰাৰ তেওঁৰ ক্ষমতা আছে বুলি কয় প্ৰশিক্ষক পাৰ্থ দেৱে। ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাতো অংশ লৈছে বিপ্ৰজিতে। অল আছাম ৰেংকিং - গুৱাহাটী, গোলাঘাটকে ধৰি আন্তঃজিলা ভিত্তিতো খেলিছে এই শিশু খেলুৱৈজনে।

এই বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ তেওঁ সুবিধা পাইছিল যদিও বয়স কম হোৱাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। বিপ্ৰজিতৰ যথেষ্ট সম্ভাৱনা আছে বুলি মন্তব্য কৰি প্ৰশিক্ষকগৰাকীয়ে আৰু কয় যে এই মাহত পুনৰ গোলাঘাটলৈ গৈ অল আছাম ৰেংকিঙত তেওঁ খেলিব। শিলচৰৰ বিপ্ৰজিতৰ দৰে আন খেলুৱৈ সকলেও ভৱিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব বুলি প্ৰশিক্ষকগৰাকীয়ে আশা প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post