শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ। বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে পুনৰ গ্ৰেপ্তাৰ শৃংখলক। পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰাৰ সন্দেহ।
উল্লেখযোগ্য যে ধনদাবীৰ গোচৰত মঙলবাৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৃংখল চলিহাক। তাৰ পিছতে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন প্ৰদান কৰিছিল শৃংখল চলিহাক। জামিন প্ৰদান কৰিছিল যদিও এটা নিশাৰ বাবে কাৰাগাৰত কটাবলগীয়া হয় বীৰ লাচিত সেনাৰ নেতাজন। আজি কাৰাগাৰৰ পৰা ওলোৱাৰ সময়তে পুনৰ গ্ৰেপ্তাৰ কৰা হয় শৃংখলক।