উত্তৰ গুৱাহাটী ৰংমহল আঠগাঁৱত নৃশংস হত্যাকাণ্ড। প্ৰেমিকে প্ৰেমিকাক হত্যা কৰি পুতি থোৱাৰ অভিযোগ। অভিযুক্ত যুৱকজন গোৱালপাৰাৰ লক্ষীপুৰৰ চাহিৰুল ইছলাম। নিহত প্ৰেমিকা ধুবুৰী ফুলবাৰীৰ চাজেদা খাতুন। উত্তৰ গুৱাহাটীৰ ৰংমহলত ভাড়াতীয়া হিচাপে আছিল চাহিৰুল ইছলাম। চাহিৰুলে চাজেদাক ডিঙি চেপি হত্যা কৰাৰ অভিযোগ।
সহযোগী শ্ৰমিকে ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱাৰ পিছত অভিযুক্তক নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষীয়ে অভিযুক্ত চাহিৰুলক নিশা আটক কৰে যদিও কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰিলে তাৰ সবিশেষ জানিব পৰা হোৱা নাই।