শোণিতপুৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এইবাৰ লাভ কৰা নাই কেঁচা চাহ পাতৰ উচিত মূল্য


 

শোণিতপুৰৰ বৰছলাত দুহেজাৰৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱনলৈ অন্ধকাৰময় পৰিস্থিতি নামি আহিছে। কিয়নো ইয়াৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে এইবাৰ কেঁচা চাহ পাতত বৃহৎ লোকচানৰ সন্মূখীন হ’ব লগাত পৰিছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে এইবাৰ কেঁচা চাহ পাতৰ উচিত মূল্য লাভ নকৰাৰ অভিযোগ তুলিছে। লগতে পূৰ্বৰ তুলনাত মাৰ্চ মাহৰ পৰা এপ্ৰিললৈকে কেঁচা চাহ পাতৰ উৎপাদনো যথেষ্ট হ্ৰাস পাইছে।


জানিব পৰা মতে, বৰছলাত প্ৰায় দুহেজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। এফালে তেওঁলোকে কেঁচা চাহ পাতৰ উচিত মূল্য নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে, চৰকাৰে কৈছে যে কৃষকে ইউৰিয়া MPR ২৬৬ দামত ক্ৰয় কৰিব। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৩২০ টকাকৈ ইউৰিয়া ক্ৰয় কৰিব লগা হৈছে।

ইয়াৰোপৰি, কীটনাশ ঔষধৰো দাম বৃদ্ধি হৈছে। শ্ৰমিকৰো হাজিৰা বাঢ়িছে। তেনে ক্ষেত্ৰত কেঁচা চাহ পাতৰ উচিত মূল্য নোপোৱাত খেতিয়কসকল বহু সমস্যাৰ সন্মূখীন হ’বলগাত পৰিছে। য’ত এফালে ক্ষুদ্ৰ চাহ খেতিয়কসকলে শ্ৰমিকৰ অভাৱত মানুহৰ বিপৰীতে মেচিনেৰে চাহ পাত(প্লাকিং) চিঙিবলগীয়া হৈছে। যাৰ কাৰণে চাহ পাতৰ মানদণ্ড নিম্নগামী হৈছে। উক্ত কেঁচা চাহ পাত ব্ৰটলিফ ফেক্টৰীত দিলে খেতিয়কসকলে উচিত মূল্য লাভ নকৰে। যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰায়ে কেঁচা চাহ পাত পেলাই দিবলগীয়া হৈছে। কিন্তু ব্ৰটলিফ ফেক্টৰিসমূহৰ মতে কেঁচা চাহ পাতৰ মানদণ্ড কমিছে। মানদণ্ড নিৰ্ভৰ কৰিহে পাতৰ উচিত মূল্য দিয়া হয়।

উল্লেখনীয় যে, বৰছলাৰ কেইবাটাও ব্ৰটলিফ ফেক্টৰি গৰুডুবা চন্দ্ৰা টী ফেক্টৰী, বৰছলা টী ফেক্টৰী, লক্ষেশ্বৰী টী ফেক্টৰী, পেৰি এগ্ৰো টী ইণ্ডাষ্ট্ৰী আদিয়ে অঞ্চলটোৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ মূল্য চাহ পাতৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰিহে নিৰ্ধাৰণ কৰিছে ৷ এটি কলি দুটি পাত থকা কেঁচা চাহ পাতৰ উচিত মূল্য পাব। কিন্তু এটি কলি দুটি পাত নাথাকিলে কেঁচা চাহ পাতৰ মানদণ্ড নিম্নগামী হ’ব আৰু দাম হ্ৰাস পাব।

বৰছলাৰ চন্দ্ৰা টী ফেক্টৰীত কেঁচা চাহ পাতৰ মানদণ্ড ৩৫ শতাংশৰ পৰা ৪০ শতাংশৰ দাম প্ৰতি কেজিত ২৩.৭৫টকা, ৪১ শতাংশৰ পৰা ৫০ শতাংশ ২৫.৭৫টকা, ৫১ শতাংশ ভাল পাতৰ মূল্য ২৯.৭৫টকা নিৰ্ধাৰণ কৰিছে। আনহাতে বৰছলা টী ফেক্টৰীয়ে এটি কলি দুটি পাত থকা কেঁচা চাহপাতৰ দাম প্ৰতি কেজিত ২৬ৰ পৰা ৩০ টকাকৈ ঠিক কৰিছে। কেঁচা চাহ পাতৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰিহে কৃষকসকলে চাহ পাতৰ দাম লাভ কৰিছে।

এতিয়া কৃষকসকলে অভিযোগ কৰিছে যে ফেক্টৰিসমূহে প্ৰায়ে পাত ঘূৰাই দিয়ে যাৰ ফলত বৃহৎ লোকচানৰ সন্মূখীন হ’বলগীয়া হৈছে। এফালে মানুহৰ পৰিৱৰ্তে মেচেনিৰে চাহ পাত চিঙাৰ ফলত পাতৰ মানদণ্ড হ্ৰাস পোৱাৰ লগতে বতৰৰ পট পৰিৱৰ্তনৰ ফলত এই বছৰ কেঁচা চাহ পাতৰ মানদণ্ড কমিছে। যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে এইবাৰ ব্যাপক লোকচানৰ সন্মূখীন হৈছে। এইবোৰ কাৰণতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে পাত নিচিঙাকৈ চাহ পাত এৰি দিছে।

Post a Comment

Previous Post Next Post