আজি কিছু সময় পূৰ্বে দিছপুৰৰ মিনিষ্টাৰ কলনীৰ পৰা এজন লোক অপহৰণ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। দুজন লোকৰ সন্মুখৰ পৰা লোকজনক গাড়ীত উঠাই নিয়াৰ পিছতে লোকজনক অপহৰণ কৰা বুলি সন্দেহ কৰা হৈছিল।
এই সন্দৰ্ভত প্ৰত্যক্ষদৰ্শী লোক দুজন কাষ চাপিছিল আৰক্ষীৰ। কিন্তু মহানগৰ আৰক্ষীয়ে বিষয়টো অনুসন্ধান কৰি চোৱাত পোহৰলৈ আহিল যে লোকজনক অপহৰণ কৰা হোৱা নাই, কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিছে।
শান্তনু মোহন ৰয়ৰ বিৰুদ্ধে গোচৰ দিছিল এজন ঠিকাদাৰে। আৰু সেই গোচৰৰ ভিত্তিতে শান্তনুক আটক কৰি নিয়ে কোকৰাঝাৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা জানিব পৰা গৈছে এই তথ্য। ইতিমধ্যে শান্তনু মোহন ৰয়ক কোকৰাঝাৰলৈ লৈ গৈছে আৰক্ষীয়ে।