Badruddin Ajmal : বদৰুদ্দিন আজমলৰ মন্তব্যত তোলপাৰ অসমৰ ৰাজনীতি



 AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ এক মন্তব্যই এতিয়া তোলপাৰ লগাই ৰাজ্যৰ ৰাজনীতিত। বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ হৈ যোৱা বিৰোধীৰ উমৈহতীয়া বৈঠকক লৈ চূড়ান্ত অপমানসূচক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। এই বৈঠকক তৃতীয় লিংগৰ সৈতে তুলনা কৰিলে এআইইউডিএফৰ মুৰব্বীগৰাকীয়ে।


সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আজমলে কয়, ‘‘ইয়াত কোন আছে? ৰিপুণ বৰা নিজেই বিধায়ক নহয়। এজন খালী অখিল গগৈ বিধায়ক, তেওঁৰো দলৰ অস্তিত্ব নাই। ১১টা দল, কোন দল এইটো? ঠাকুৰ নে ... কী দল বনাই হ্যে।’’

আজমলৰ এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰিছে। আজমলৰ বিৰুদ্ধে শীঘ্ৰেই গোচৰ তৰিব প্ৰদেশ কংগ্ৰেছে।

ভূপেন বৰাই কয়, ‘‘আজমলে অসমীয়া সাহিত্য–সংস্কৃতি ধ্বংস কৰিবলৈ ঠিকা লৈছে। মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিয়াৰ বাবে এই দুঃসাহস কৰিছে বদৰুদ্দিন আজমলে।’’

ৰাজ্যৰ ৰাজনীতিত পট পৰিৱৰ্তনৰো ইংগিত দিলে ভূপেন বৰাই। শীঘ্ৰেই বহু বিজেপি জ্যেষ্ঠ নেতাই কংগ্ৰেছত কংগ্ৰেছত যোগ দিব বুলিও কয় বৰাই। বৰ্তমানৰ বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই ২৪ত কংগ্ৰেছৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, মুখ্যমন্ত্ৰী কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে বিজেপিৰ আসনৰ সংখ্যা কমিবহে। বৰ্তমান মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ ৮০ শতাংশ মানুহ নাই।

আনহাতে, কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, ‘‘ৰাষ্ট্ৰীয় নেতৃত্বই মিত্ৰতাৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই আজমলে এই মন্তব্য কৰিছে। ২৪ত ধুবুৰীত ধুলিস্যাৎ হ’ব আজমল। ২১তো ICUত আছিল এআইইউডিএফ। কংগ্ৰেছৰ বোকোচাত উঠি নিৰ্বাচনত জয়ী হৈছিল আজমল। পিছে এইবাৰ নিৰ্বাচনত এআইইউডিএফক প্ৰশ্ৰয় নিদিয়ে কংগ্ৰেছে। সেয়ে আজমলৰ এই মুখৰোচক মন্তব্য।’’

ইফালে, পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে এই সন্দৰ্ভত কয়, ‘‘আমি বিৰোধী দল একত্ৰিত হোৱাটো সময়ৰ আহ্বান। বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাটো ৰাইজে বিচাৰিছে। আজমলে এই শব্দ ক’বলৈ লাজ পাব লাগিছিল। এয়া অসংবিধনিক মন্তব্য। নিৰ্দিষ্টকৈ মুছলমানৰ ভোটৰ বাবে জীয়াই থকা আজমলৰ দল অন্য দলৰ লগত চামিল হ’ব লাগে। এআইইউডিএফ শক্তিশালী হোৱা মানে বিজেপি আৰু আৰ এছ এছ শক্তিশালী হোৱা।’’

চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে কয়, ‘‘এয়া দুৰ্ভাগ্যজনক। বিৰোধী ঐক্য একত্ৰিত হৈছে তালৈ AIUDF নিমন্ত্ৰিত হোৱা নাই। স্বাভাৱিকতে চিন্তাত পৰিছে আজমল। আজমলে হিনমন্যতাত ভুগি প্ৰলাপ বকিছে। এই শব্দ কৈ আজমলে তৃতীয় লিংগৰ লোকক অপমান কৰিছে। তৃতীয় লিংগৰ লোকসকলৰ ওচৰত আজমলে ক্ষমা খোজক। বিজেপিৰ বন্ধু আজমলৰ পৰাজয় এইবাৰ নিশ্চিত।’’

Post a Comment

Previous Post Next Post