অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বিতৰ্কিত ঠিকাদাৰ নিৰ্মল কুমাৰ ম'ৰে। আহত সাংবাদিকৰ চিকিৎসাৰো সম্পূৰ্ণ খৰচ বহন কৰাৰ প্ৰতিশ্ৰুতি নিৰ্মল ম'ৰৰ।
উল্লেখযোগ্য যে, যোৱা ২৮ এপ্ৰিলত চৰাইদেউত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ (AJYCP) এগৰাকী নেতাক চৰ মাৰি বিতৰ্কত সোমাই পৰিছিল ঠিকাদাৰজন। তাৰ প্ৰতিবাদস্বৰূপে ৩০ এপ্ৰিলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ঠিকাদাৰজনৰ শিৱসাগৰ বাবুপট্টিৰ বাসভৱন ঘেৰাও কৰিছিল। উক্ত ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা এগৰাকী সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল নিৰ্মল ম'ৰৰ আক্ৰমণত। ঘটনাৰ প্ৰতিবাদত জিলা সাংবাদিক সংস্থাসহ ১৫ টা জাতীয় সংগঠনৰ তীব্ৰ প্ৰতিবাদত উত্তাল হৈ পৰিছিল শিৱসাগৰ। ইয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নিৰ্মল ম'ৰক।
অৱশেষত এই ঘটনাৰ ভুল স্বীকাৰ কৰি অসমবাসীৰ লগতে AJYCPৰ ওচৰত ক্ষমা বিচাৰিলে ঠিকাদাৰ ম'ৰে। ইফালে ইয়াৰ প্ৰত্যুত্তৰত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক সমীৰন ফুকনৰ মন্তব্য- "কোনো কাৰণতে অসমীয়াৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব।" ইয়াৰ যাতে পুনৰাবৃত্তি নঘটে, তাৰ বাবেও সকীয়নী প্ৰদান কৰে আছুৰ নেতাগৰাকীয়ে।