ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে, এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছান ছাইন।
মেষ : কৰ্মক্ষেত্ৰৰ জটিলতা এৰাবলৈ ফাষ্ট ফুডত মন নিদিব, বৰং হাতৰ কাম সময়ত শেষ কৰা ভাল হ’ব।
বৃষ : আনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত সমস্যাত পৰিব পাৰে। দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব।
মিথুন : পাৰিবাৰিক জটিলতাত সময় খৰচ নকৰি সৃজনশীল কামত মন দিয়ক, মন তাতেই ভালে থাকিব।
কৰ্কট : যিকোনো ধৰণৰ গেজেটছ, বিশেষকৈ কম্পিউটাৰক লৈ সমস্যাত পৰিব পাৰে।
সিংহ : আৰ্থিক ক্ষেত্ৰত বেয়া খবৰ পাব পাৰে, কিন্তু সেয়া সম্পূৰ্ণৰূপে সঁচা নহ’বও পাৰে।
কন্যা : নতুন সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত দিনটো একেবাৰে ভাল নহয়, পদক্ষেপ নল’ব!
তুলা : প্ৰিয়জনৰ দুৰ্ব্যৱহাৰ গাত লগাই ল’লে নহ’ব। মূৰ শীতল কৰি ৰাখিলে সম্পৰ্কটো মজবুত হৈ উঠিব।
বৃশ্চিক : যিমানেই প্ৰিয় বন্ধু হওক, আনৰ আবেগত জড়িত হৈ নপৰিব, নিজকে সংযত ৰাখক।
ধনু : নতুন সম্পৰ্ক বা কাম আৰম্ভ কৰাক লৈ চিন্তা–চৰ্চা কৰক, কিন্তু পদক্ষেপ নল’ব।
মকৰ : দূৰত ক’ৰবালৈ যোৱাৰ ক্ষেত্ৰত এতিয়াই কাকো কথা নিদিব, কিছু অপেক্ষা কৰক।
কুম্ভ : অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব, জপিয়াই পৰাৰ আগতে সকলো দিশ পৰীক্ষা কৰক।
মীন : প্ৰেমত ধুমুহা আহিব, কিন্তু ব্যৱস্থা লোৱাৰ আগতে ব্যক্তিজনৰ পৰীক্ষা কৰা উচিত।