পুনৰ চীনৰ পাকিস্তান প্ৰীতি। ভাৰত-পাকিস্তানৰ যুদ্ধ উত্তেজনাৰ মাজতে চীন-পাকিস্তানৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন। সেই চুক্তি অনুলৰি চীনে পাকিস্তানক দিব ৫ খন অত্যাধুনিক ফাইটাৰ জেট। পঞ্চম সংস্কৰণৰ j-35 ফাইটাৰ জেট পাকিস্তানক দিব চীনে। ৩০ আগষ্টৰ ভিতৰত দিব চীনে পাকিস্তানক গতাই দিব ফাইটাৰ জেটকেইখন। ৫০ শতাংশ ৰেহাই মূল্যত পাকিস্তানক ফাইটাৰ জেটকেইখন দিব চীনে।
উল্লেখযোগ্য যে অপাৰেচন সিন্দূৰৰ পিছতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস পাইছে চীনা মাৰণাস্ত্ৰৰ চাহিদা। কাৰণ সমগ্ৰ বিশ্বই দেখিছিল অপাৰেচন সিন্দূৰৰ সময়ত কিদৰে ভাৰতৰ মিছাইল আৰু ড্ৰোণ আক্ৰমণত কিদৰে তচনচ হৈছিল চীনৰ পৰা পাকিস্তানে ধাৰ কৰি অনা মাৰণাস্ত্ৰসমূহ। কিদৰে ভাৰতৰ মিছাইল আক্ৰমণত বিধ্বস্ত হৈছিল পাকিস্তানত থকা চীনৰ এয়াৰ ডিফেন্স ব্যৱস্থা। তাৰ পিছতেই এতিয়া বিপদত পৰিছে চীন। বজাৰ হেৰুৱাই থৰকাছুটি হেৰুৱাইছে চীনে। এতিয়া চীনৰ বাবে পাকিস্তানৰ বজাৰখনে আছেগৈ। সেইবাৰে এতিয়া ৫০ শতাংশ ৰেহাইত হ’লেও তেওঁলোকৰ ফাইটাৰ জেট তথা অন্যান্য মাৰণাস্ত্ৰ পাকিস্তানক গতাই দিছে। লগতে পাকিস্তানৰ পাইলটে প্ৰশিক্ষণ লৈছে চীনত। চীনৰ বায়ুসেনাৰ বিষয়াসকলে পাকিস্তানৰ পাইলটসকলক দিছে প্ৰশিক্ষণ। এতিয়া এনেদৰেই ভাৰতৰ বিৰুদ্ধে পাকিস্তানক আওপকীয়াকৈ সহায় কৰিছে চীনে।
উল্লেখ্য যে ভাৰতৰ অপাৰেচন সিন্দূৰৰ পিছত প্ৰথম ভ্ৰমণতে আলোচনাৰ বাবে চীনলৈ গৈছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী। মঙলবাৰে চীনত উপস্থিত হৈ আফগানিস্তানৰ ভাৰপ্ৰাপ্ত বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতেও সাক্ষাৎ কৰিলে ইছহাক দাৰে। পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰে সোমবাৰে চীনলৈ গৈ চীনৰ সমকক্ষ ৱাং য়ীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। তিনিওজন নেতাই ত্ৰিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। ভাৰতৰ অপাৰেচন সিন্দুৰৰ পিছত পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে এইটোৱেই হ’ল প্ৰথম বিদেশ ভ্ৰমণ। উল্লেখ্যযে ভাৰত-পাকিস্তানৰ যুদ্ধ মাজত চীন স্থিতি আছিল সন্দেহজনক। যুদ্ধ বিৰতিৰ পিছতহে মুখ খুলিছিল চীনে। লৈছিল ভাৰত বিৰোধী স্থিতি।