ভাৰতৰ আক্ৰমণত থৰকাচুটি হেৰুওৱা পাকিস্তানৰ সেনাপ্ৰধান আছিম মুনিৰক ফিল্ড মাৰ্শ্বাল পদলৈ পদোন্নতি


 

পাকিস্তানৰ শ্বাহবাজ শ্বৰীফ কেবিনেটে বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল আছিম মুনিৰক ফিল্ড মাৰ্শ্বাল পদলৈ পদোন্নতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ কথাটো এয়াই যে পাকিস্তানত যিজন লোক আটাইতকৈ দুৰ্নীতিপৰায়ণ, তেওঁ সেনাৰ আটাইতকৈ শীৰ্ষৰ পদ লাভ কৰে। জেনেৰেল মুনিৰক ভাৰতৰ অপাৰেচন সিন্দূৰৰ বিৰুদ্ধে চলোৱা অপাৰেচন বনয়ান-উম-মাৰ্ছুছৰ বাবে প্ৰমোচন দিয়া হৈছে। এতিয়া এয়া পদোন্নতি দিয়া হৈছে নে নিজেই নিজকে ফিল্ড মাৰ্শ্বাল ঘোষণা কৰিছে, সেয়া তেওঁহে জানিব। কিয়নো বিশ্বই জানে যে পাকিস্তানত প্ৰকৃত নিয়ন্ত্ৰণ সেনাৰ হাততে থাকে।


১৯৭১ৰ পিছত প্ৰথমবাৰ ভাৰতে পাকিস্তানৰ পঞ্জাবত ষ্ট্ৰাইক কৰিছে। পিঅ’কেত কেইবাবাৰো আক্ৰমণ কৰিছে। এই আক্ৰমণ প্ৰতিৰোধত ব্যৰ্থ হয় পাক সেনা। ৯ সন্ত্ৰাসবাদীৰ ঘাটিক লক্ষ্য কৰি লোৱা হয়, ১২টা এয়াৰবেছত ভাৰতে বোমাবৰ্ষণ কৰে, কিন্তু পাক সেনাই কোনো ধৰণৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। ৬০০ৰো অধিক ড্ৰোণ ভাৰতে ধ্বংস কৰিছে। কেইবাখনো যুদ্ধ বিমানো হেৰুৱালে পাকিস্তানে, ৭০ জনৰ অধিক সেনাও নিহত হয়। যুদ্ধবিৰতি উলংঘাৰ প্ৰত্যুত্তৰত ভাৰতে পাক সেনাৰ সেইবাটাও বাংকাৰ ধূলিসাৎ কৰে। এয়া মাত্ৰ অপাৰেচন সিন্দূৰৰ তালিকা।


বেলুচিস্তান আৰু খেইবৰত আছিম মুনিৰে ভাল কাম কৰিছে। বিশ্বত প্ৰথমবাৰৰ বাবে এখন ৰে’ল হাইজেক কৰাৰ ঘটনাও তেওঁৰ দিনতে হয়। ২৩ জুন ২০২৪ত পাকিস্তানী সেনাই সন্ত্ৰাসবাদ বিৰোধী অপাৰেচন লঞ্চ কৰে, যাৰ নাম আজম এ ইস্তেখাম ৰখা হয়। এই অপাৰেচনৰ উদ্দেশ্য সন্ত্ৰাসবাদী আৰু ইয়াৰ নেটৱৰ্ক শেষ কৰা আৰু তেহৰিক এ তালিবানক আফগানিস্তানৰ পৰা পাই থকা সহায় ৰোধ কৰা। কিন্তু ইয়াৰ ওলোটাহে হ’ল। টিটিপিৰ লগতে বেলুচ বিদ্ৰোহীয়ে পাক সেনাৰ অৱস্থা দুৰ্বিসহ কৰি তোলে। অৱস্থা এনেকুৱা হয় যে নিহত জোৱানসকলৰ অন্ত্যেষ্টিক্ৰিয়াত সেনা প্ৰধানগৰাকীয়ে প্ৰতিদিনে উপস্থিত থাকিবলগীয়া হ’ল। হয়তো ইমানবোৰ গুণৰ বাবেই তেওঁক এই পদ দিয়া হৈছে। ফিল্ড মাৰ্শ্বালৰ এই ঘোষণাৰ পিছত জেনেৰেল মুনিৰেও ধন্যবাদ বিবৃতি প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post